জিলা মহিলা ফেডাৰেচনৰ মহিলা সাবলীলকৰণ আৰু সদস্য অন্তৰ্ভুক্তকৰণৰ সজাগতা সভা

0
62

জিলা মহিলা ফেডাৰেচনৰ মহিলা সাবলীলকৰণ আৰু সদস্য অন্তৰ্ভুক্তকৰণৰ সজাগতা সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,সহিদুল ৰহমান , বিলাসীপাৰা , ০৮ এপ্ৰিল : ✍️ অসম চৰকাৰৰ পঞ্জীয়নভুক্ত তথা ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত কাৰিকৰী বিদ্যা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা এন.এচ.ইউ.আইৰ সভাপতি জয়নুদ্দিন সেখৰ সহযোগত যোৱা শনিবাৰে বিলাসীপাৰাৰ কুকূৰীপাৰাত জিলা মহিলা ফেডাৰেচনৰ মহিলা সাবলীলকৰণ আৰু সদস্য অন্তৰ্ভুক্তকৰণৰ এখন সজাগতা অনুষ্ঠিত কৰে । জানিব পৰা মতে , মহিলা সকলক সাবলীলকৰণৰ বাবে এক প্ৰচেষ্টা আৰু মহিলা সকলে সামাজিক ভাবে আৰ্থিক ভাবে সাবলীলকৰণ হৈ সমাজত তথা দেশত অৰিহণা যোগাব পাৰে সেই উদ্দেশ্যে- ” আমি নাৰী , আমিও স্বাধীন ভাবে জীয়াই থাকিব বিচাৰোঁ”, মহিলা ফেডাৰেচনত অংশ গ্ৰহণ কৰি জীৱনটো সাফল্যমণ্ডিত কৰাৰ চেষ্টা কৰোঁ” এই বুলি জিলা মহিলা (ফেডাৰেচন)ৰ এখন সজাগতা সভা অনুষ্ঠিত কৰে । উক্ত সজাগতা সভাখনত শিখা ভাদুৰী চক্রৱতীক সভানেত্রী আৰু ইলিমা চুলতানক সম্পাধিকা দায়িত্ব ভাৰ অৰ্পণ কৰি ১৩ জনীয়া জিলা মহিলা (ফেডাৰেচন)ৰ কমিটি গঠন কৰে । প্ৰায় দুই শতাধিক পুৰুষ-মহিলা সজাগতা সভা খনত উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here