ডবকাত ৰাইজৰ দলৰ যোগদান সমাৰোহঃ আজমলৰ দূৰ্গত ৰাইজৰ দলৰ গৰ্জন

0
101
ডবকাত ৰাইজৰ দলৰ যোগদান সমাৰোহঃ আজমলৰ দূৰ্গত ৰাইজৰ দলৰ গৰ্জন
জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ২০ জানুৱাৰীঃ যমুনামুখ সমষ্টিৰ ডবকাত আজমলৰ বৰঘৰ কঁপালে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে ৷ আজি হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ডবকাৰ ডিফু বাইপাছৰ সমীপৰ পথাৰত ৰাইজৰ দলৰ এখনি যোগদান সমাৰোহ অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিৰ পূৰ্বে গায়ন-বায়ন, বিহু নৃত্যৰে ৰাইজৰ দল আৰু কৃষক মুক্তিৰ নেতৃত্বক আদৰণি জনোৱা হয় ৷ উল্লেখ্য যে আজি ৰাইজৰ দলৰ যোগদান সমাৰোহখন ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীৰ আহ্বানত অনুষ্ঠিত হৈছিল ৷ ৰাইজৰ দলৰ আজিৰ যোগদান সমাৰোহত যমুনামুখ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা অহা সহস্ৰাধিক লোকৰ উপস্থিতি দেখা গ’ল ৷ সভাস্থলীৰ পৰা ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়া আৰু  কৃষক মুক্তিৰ নেতা ৰাজু বৰাই অহা নিৰ্বাচনত আজমল-পুত্ৰৰ দখলত থকা সমষ্টিত ৰাইজৰ দলে বিজয় সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে ৷ সভাত বিজেপিৰ দৰে সমানে কংগ্ৰেছ-এআইইউডিএফ সাম্প্ৰদায়িক বুলি আখ্য দিয়ে শইকীয়াই ৷ কোনো কাৰণতে ৰাইজৰ দলে মিত্ৰজোঁটক সমৰ্থন নকৰে বুলি ৰাজু বৰাৰ লগতে ভাস্কো ডি শইকীয়াই মন্তব্য কৰে ৷ সভাত কেন্দ্ৰীয় সম্পাদিকা দিলোৱাৰা চৌধুৰীয়ে অহা নিৰ্বাচনত যমুনামুখৰ পৰা এআইইউডিএফ দলক উৎসাত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ বিজেপিয়ে অসমত হিন্দু-মুছলমানৰ মাজত বিভাজন কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে ৷ অসমত সাম্প্ৰদায়িক শক্তিক নিঃশেষ কৰিবলৈ হ’লে ৰাইজৰ দলক ২০২১ ৰ বিধানসভা নিৰ্বাচনত ভোট দিব লাগিব বুলি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে সভাখনত মন্তব্য কৰি পুনৰ কয়– ২০২১ চনৰ নিৰ্বাচনত অসমত ‘ভাৰত মাতা কী জয়’ আৰু ‘জয় আই অসম’ৰ মাজৰ সভ্যতাৰ যুঁজ হব ৷ এই সভাৰ পৰা অখিল গগৈক মুক্তিৰ দাবী তুলে ৰাইজৰ দলৰ নেতা-কৰ্মীসকলে ৷ ভাস্কো ডি শইকীয়াই শাসকীয় দলৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰি কয়- অহা বিধানসভা নিৰ্বাচন ‘ভাৰত মাতা কি জয় ‘ আৰু ‘জয় আই অসম’ৰ মাজৰ সভ্যতাৰ মাজত হব বুলি মন্তব্য কৰে ৷ আজিৰ সভাত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, জিতুল ডেকা, সাধাৰণ সম্পাদক ৰুবুল দাস, কেন্দ্ৰীয় সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰী, কৃষক মুক্তিৰ ৰাজ্যিক সভাপতি ৰাজু বৰা, নগাঁও জিলাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক নিলমনি শইকীয়া সহ বহু কেইজন নেতা উপস্থিত আছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here