ডবকাৰ এখন আজৱ মাছৰ বজাৰ, স্বচ্ছ ভাৰত অভিযান আঁচনিৰ বুঢ়া আঙুলি

0
109

ডবকাৰ এখন আজৱ মাছৰ বজাৰ, স্বচ্ছ ভাৰত অভিযান আঁচনিৰ বুঢ়া আঙুলি
দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান ,২০ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ ডবকা নগৰস্থিত মাছ বজাৰত এবাৰ মানুহ আহিলে তিনিদিন থাকিব লগীয়া হয় হস্পিটেলত ৷ ডবকা নগৰ সমিতিয়ে নিজ ময়মতালিৰে বজাৰ খনত চলাই গৈছে বৃহৎ দুৰ্নীতি তথা অনিয়ম ৷ বজাৰখনৰ পৰিৱেশ দেখিলে সকলোৰে চকু কপালত উঠিব ৷ বজাৰ খনৰ দৃশ্য দেখিলে এনেকুৱা অনুমান হয় যে , এয়া বজাৰ নহয় জাৱৰ-যুঁতৰ পেলোৱা ঠাই ৷ বজাৰ খনত বৰ্তমান সময়ত এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছ ৷ এনে দুৰ্গন্ধময় পৰিৱেশৰ পৰা ভিন্ন ৰোগত আক্ৰান্ত হৈছে গ্ৰাহকৰ লগতে মাছ ব্যৱসায়ী সকল ৷ এই বিষয়ে মাছ ব্যৱসায়ী সকলে ডবকা নগৰ সমিতিক বাৰংবাৰ অভিযোগ দাখিল কৰাৰ পিছতো কাণষাৰ দিয়া নাই ডবকা নগৰ সমিতিয়ে ৷ ডবকা নগৰ সমিতিৰ লাগে মাথো মাচুল আৰু মাচুল ৷ চাফ-চিকুণীৰ ফালে দৃষ্টি আকৰ্ষণ নহয় ডবকা নগৰ সমিতিৰ ৷ যি সময়ত দেশৰ চৰকাৰৰ লগতে জনতাই স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ন কৰাত কোটি কোটি টকা ব্যয় কৰি আছে , তেনে সময়ত ডবকা নগৰ সমতিৰ এনে কাৰ্যত চিন্তিত হৈ পৰিছে ডবকাৰ সচেতন মহল ৷ উল্লেখ্য যে , ডবকা নগৰ সমিতিৰ বিৰুদ্ধে যোৱা কেইদিনমান পূৰ্বেও নলা-নিৰ্মানৰ কামত ৯০ লাখ টকাৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও এতিয়ালৈকৈ বিভাগীয় কতৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৷ সমগ্ৰ বিষয়টো ডবকা ৰজহ চক্ৰ বিষয়াই তদন্ত মৰ্মে নগৰ সমিতিৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ব্যৱসায়ী সকলৰ লগতে গ্ৰাহক সকলে ৷ এতিয়া ডবকা নগৰ সমিতিৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে , সেয়া সময়ত হব লক্ষনীয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here