ডিগবৈত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

4
105

ডিগবৈত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ডিগবৈ , ২১ ফেব্ৰুৱাৰীঃ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে,ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো পেট্ৰল,ডিজেল,ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধৰ দাবীত ডিগবৈৰ ষ্টেচনপাৰা চালিগ্ৰাম পেট্ৰল পাম্পৰ সন্মুখত,হাপজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ডিগবৈ বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰক , নৰেন্দ্ৰ মোদী হায় হায় , সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ , হিমন্ত বিশ্বৰ কাম নাই , যোগান বিভাগ গ্ বেক ইত্যাদি শাসকীয় চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত হাপজান ব্লক কংগ্ৰেছৰ সভাপতি ভাস্কৰ জীৱন বৰুৱা , তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি শিৱনাথ চেতিয়া , ডিগবৈ বিধানসভা সমষ্টিৰ সভাপতি পৰাগ জ্যোতি কোৱঁৰ সহ প্ৰায় শতাধিক মহিলা-পুৰুষ কংগ্ৰেছকৰ্মীৰ উপস্থিতিত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে বিৰোধিতা কৰে ৷ শাসকীয় চৰকাৰে পৰিৱৰ্তন ঢাক-ঢোল বজাই চৰকাৰ গঠন কৰা বিজেপি চৰকাৰক বিৰোধিতা কৰি শাসকীয় চৰকাৰৰ সমবিকাশৰ প্ৰতিশ্ৰুতি অনুসৰি, দেশৰ পুঁজিপতিৰ বিকাশ আৰু দুখীয়া সৰ্বনাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বুলি তীক্ষ্ণ বাক্যবাণৰে থকা সৰকা কৰে ৷ অতিমাত্ৰা মূল্য বৃদ্ধিত এচাম খাটি খোৱা জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ কথা অৱগত কৰাৰ লগতে ইন্ধনজাতীয় দ্ৰব্যকে আদি কৰি নিত্য আত্যাৱশ্যকীয় সামগ্ৰীৰ মূল বৃদ্ধি ৰোধ যদি অনতিপলমে নকৰে , তেন্তে ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়াৰ হুংকাৰ প্ৰদান কৰি আগন্তুক বিধান সভা নিৰ্বাচনত সাধাৰণ ৰাইজৰ পৰা শাসকীয় চৰকাৰে উচিত প্ৰত্তুত্যৰ পাব বুলি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী কংগ্ৰেছকৰ্মীয়ে মত পোষক কৰে ৷

4 COMMENTS

  1. Hi there, I found your site via Google at the same time as looking for a similar subject, your web site came up, it looks good. I’ve bookmarked it in my google bookmarks.

LEAVE A REPLY

Please enter your comment!
Please enter your name here