ডিগবৈ পাৱৈ চাহ বাগিচাত কৰ্মৰত অস্থায়ী কৰ্মচাৰীৰ অনশন কাৰ্যসূচী

    0
    80

    ডিগবৈ পাৱৈ চাহ বাগিচাত কৰ্মৰত অস্থায়ী কৰ্মচাৰীৰ অনশন কাৰ্যসূচী
    দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া,ডিগবৈ,৪ মাৰ্চঃ টাটা কোম্পানীৰ অন্তৰ্গত ডিগবৈ পাৱৈ চাহ বাগিচাৰ কাৰ্যালয়ত বিভিন্ন পদত অস্থায়ী কৰ্মত নিয়োজিত হৈ থকা প্ৰায় বিশগৰাকী পুৰুষ মহিলা কৰ্মচাৰীয়ে আজি পুৱা ভাগৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী অনশনকাৰীৰ ভাষ্য অনুসৰি ,পাৱৈ চাহ বাগিচাৰ কাৰ্যালয়ত কৰ্মৰত প্ৰায় বিশগৰাকী কৰ্মচাৰীয়ে ছয় বছৰৰ পৰা দহ , বাৰ বছৰ পৰ্যন্ত অস্হায়ী ৰূপে কৰ্মত নিয়োজিত হৈ থকাৰ পাচত বাগিচা কৰ্তৃপক্ষক বিভিন্ন সময়ত চাকৰি স্হায়ীকৰণৰ বাবে দাবী জনাই স্মাৰক প্ৰদান কৰি আহিছে ৷ কিন্ত পৰিতাপৰ বিষয় যে ,বাগিচাৰ কৰ্তৃপক্ষই চাকৰি স্থায়ীকৰণৰ কৰাৰ সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাচতো আজি পৰ্যন্ত চাকৰি স্হায়ীকৰণ নকৰাৰ লগতে বাগিচা কৰ্তৃপক্ষই চাকৰি স্হায়ীকৰণ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষোভত পাৱৈ চাহ বাগিচাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ অনশন কাৰ্যসূচীত অংশ গ্ৰহণ কৰা অনশনকাৰীয়ে বাগিচাৰ কৰ্তৃপক্ষই যদি চাকৰি স্হায়ীকৰণৰ সন্দৰ্ভত অতি শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে , তেন্তে এই অনশন কাৰ্যসূচী অনিদিষ্ট কাললৈ চলাই নিয়াৰ কথা জানিবলৈ দিছে আৰু প্ৰয়োজনত বাগিচাৰ কৃতপক্ষৰ বিৰুদ্ধে জংগী আন্দোলনৰ দৰে চৰম পন্থ হাতত লবলৈ বাধ্য হোৱাৰ কথা অৱগত কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here