ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তত কাতি বিহু উদযাপন

0
9332

ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তত কাতি বিহু উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰবৰুৱা পৰা ধনটি শইকীয়া , ১৭ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালন কৰা দেখা যায় যদিও সমগ্ৰ অসমতে কাতি বিহুক জাতীয় জীৱনৰ অনাড়ম্বৰ ভাৱে পালন কৰা উৎসৱ । জিলাখনৰ প্ৰায় সংখ্যক লোকেই খেতিয়ক । খেতিয়কৰ কৃষিয়ে মূল আধাৰ । অসমীয়া বিহুকেইটা হৈছে কৃষি ভিত্তিক উৎসৱ। প্ৰতিটো বিহুৱে কৃষকৰ আপোন মনৰ দাপোন। ইয়াৰ লগত জড়িত হৈ আছে অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি । অসমীয়া  জনজীৱনৰ দাপোন, বাপতি সাহোন। এই বিহু উৎসৱৰ লগত জড়িত হৈ আছে চহা-জীৱনৰ কৃষ্টিৰ ৰহঘৰা। ৰঙালী বা ভোগালী বিহুৰ দৰে ই ৰং ৰইচৰ উৎসৱ নহয় যদিও ইয়াত জড়িত হৈ আছে লোক বিশ্বাস আৰু লোক জীৱনৰ আশা-আকাংক্ষা। আহিন মাহত পথাৰ সেউজীয়া হৈ পৰে। সঁজাল ধৰা ধানে গেঁৰ মেলিবলৈ ধৰে। লখিমী সগৰ্ভা হৈ পৰে । কাতি বিহুত অসমীয়া মানুহে তুলসী গছ ৰোৱে। তুলসীক সেৱা কৰে। আহিনৰ সংক্ৰান্তিত চোতালত তুলসী ৰুই ইয়াৰ গুৰিত চাকি-বন্তি জ্বলোৱা হয় । মাহ-প্ৰসাদৰ শৰাই আগবঢ়োৱা দেখা যায়।