ঢকুৱাখনাত বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ কেন্দ্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডাই চলালে নিৰ্বাচনী প্ৰচাৰ

    0
    50

    ঢকুৱাখনাত বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ কেন্দ্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডাই চলালে নিৰ্বাচনী প্ৰচাৰ
    ঢকুৱাখনাৰ পৰা মানস প্ৰতীম কাশ্যপৰ প্ৰতিবেদন , ১৫ মাৰ্চঃ আজি ঢকুৱাখনাত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোটৰ মনোনীত প্ৰাৰ্থী তথা অসম চৰকাৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ হৈ ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত বিশাল নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰে। এই বিশাল জনসভাত উদ্দেশি নাড্ডায়ে কয় যে- আৰু মাত্ৰ ৫ বছৰ আমাক দিয়ক । ২০১৬ চনৰ ঢকুৱাখনা আৰু আজিৰ তাৰিখৰ ঢকুৱাখনা আকাশ পাতল পাৰ্থক্য হৈছে বুলি কয় । ঢকুৱাখনাৰ উন্নয়নৰ কাৰণে আপোনালোকৰ প্ৰতিনিধি জনে দিনে নিশাই অতি নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি আহিছে বুলি তেওঁৰ ভাষণত উল্লেখ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ দিনতেই অসমত কেইবাখনো দলং,পকী পথ নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰি বিশাল জনসভাত কয় যে , ২৭ মাৰ্চত আপোনালোকৰ নিৰ্বাচনৰ প্ৰাৰ্থী নৱ কুমাৰ দলেক ভোট দি আপোনালোকে আমাক চৰকাৰ গঠনত সহায় কৰক আৰু ২ মেৰ পাছত আমাৰ কাম আৰু ক্ষিপ্ত গতিত উন্নয়ন চাওঁক। ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছ দলটোক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কাম কাজৰ খটিয়ান দাঙি ধৰে। ঢকুৱাখনা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী নৱ কুমাৰ দলেক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ ৰাইজক আহৱান জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে । প্ৰায় ১০ হাজাৰৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশ গ্ৰহণ লোৱা পাচতে তেওঁ শোণিতপুৰ জিলাৰ চতিয়ালৈ ৰাওনা হয় । উক্ত নিৰ্বাচনী প্ৰচাৰত ভাগ লয় অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া,লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাকে প্ৰমুখে বিজেপিৰ বহুতো শীৰ্ষ নেতাই এই বিশাল জনসভাত অংশ লয় ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here