তামুলপুৰৰ কাউলীত মহাবাৰুণী উৎসৱৰ সামৰণি

0
43

তামুলপুৰৰ কাউলীত মহাবাৰুণী উৎসৱৰ সামৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক তামুলপুৰ , ১৩ এপ্ৰিলঃ আজি তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ কাউলীত সামৰণি পৰিল ঐতিহাসিক মহাবাৰুণী উৎসৱৰ । পূৰ্বৰে পৰা মতুৱা ধৰ্মৰ হৰিচাঁদ গুৰুচাঁদ ঠাকুৰৰ জন্মদিনৰ দিনা পালন কৰা হয় এই উৎসৱ । অসমৰ লগতে কেইবাখনো ৰাজ্যৰ ভক্ত-প্ৰাণ ৰাইজৰ সমাগমৰ অন্তত আজি সামৰণি পৰিল এই উৎসৱৰ । লোক বিশ্বাস অনুসৰি,অনুষ্ঠানৰ প্ৰথম দিনাই এই মন্দিৰৰ কামনা সাগৰত স্নান কৰিলে মনোবাঞ্ছা পূৰণ হয় প্ৰত্যেকৰে । চাৰিদিনীয়া কাৰ্যসূচীত অবিৰত ভাৱে ঢাক,ঢোলৰ শব্দই মুখৰিত কৰি তোলে মন্দিৰ প্ৰাঙ্গণ । দূৰ-দূৰণিৰ ভক্ত প্ৰাণ লোকে এইদৰে ভগবানৰ আশীষ লোৱাৰ উপৰিও ঠাকুৰৰ ভোগ গ্ৰহণ কৰাৰ দৃশ্য পৰিলক্ষিত হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here