তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লখেশ্বৰ মৰাণসহ কেইবাজনো নেতা কৰ্মী দল ত্যাগৰ সম্ভাৱনা

    0
    50

    তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লখেশ্বৰ মৰাণসহ কেইবাজনো নেতা কৰ্মী দল ত্যাগৰ সম্ভাৱনা

    দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰডুমচা ,৬ মাৰ্চঃ আগন্তোক বিধানসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লখেশ্বৰ মৰাণে বিজেপিৰ দল ত্যাগ কৰি নৱগঠিত অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি জানিব পৰা গৈছে। ডিগবৈ সমষ্টিৰ পৰা বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত অৰুণজ্যোতি মৰাণেও বিজেপিৰ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদানৰ কৰাৰ সম্ভাৱনা আছে। আনহাতে ,কংগ্ৰছ দলৰ গৌতম ধানোৱাৰে অসম জাতীয় পৰিষদ যোগদান কৰিব বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। উল্লেখ্যে যে , তিনিচুকীয়া জিলা অন্তৰ্গত আটাইকেইটা সমষ্টিতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অতি ঘনিষ্ট টিকট প্ৰত্যাশীসকলৰ এজনেও দলীয় টিকট পাৱলৈ সক্ষম নহল । সেইয়া লাগিলে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা দলীয় টিকট প্ৰত্যাশী লক্ষ্য কোঁৱৰে হওঁক বা ডিগবৈ সমষ্টিৰ পৰা অৰুণজ্যোতি মৰাণে হওঁক বা ডুমডুমা সমষ্টিৰ পৰা দলীয় টিকট প্ৰত্যাশী লখেশ্বৰ মৰাণেই হওঁক । মুখ্যমন্ত্ৰী সোনোৱালক একাষৰীয়া কৰি কোনো কি স্বাৰ্থত সোনোৱালৰ ঘনিষ্ট সকলক দলীয় টিকটৰ পৰা বঞ্চিত কৰিছে , কাৰ কুট কৌশলৰ স্বীকাৰ হল মুখ্যমন্ৰী ঘনিষ্ট টিকট দাবীদাৰ সকল সেই কথা বুজাই নকলেও ৰাইজে ঠিকেই বুজিছে । আটাইতকৈ ডাঙৰ কথা লখেশ্বৰ মৰাণে নিজৰ পুত্ৰ হেৰুৱালে , নিজৰ দাত হেৰুৱালে তাতকৈ আৰু ডাঙৰ কথা কিবা আছে নেকি ? এইয়াই হ’ল বিজেপি নিতি নিয়ম ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here