তেজপুৰত বিশাল জনসভা সম্বোধন প্ৰিয়ংকা গান্ধী , সভাত গান্ধীয়ে অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰে পাঁচটা গেৰাণ্টী

    0
    126


    তেজপুৰত বিশাল জনসভা সম্বোধন প্ৰিয়ংকা গান্ধী , সভাত গান্ধীয়ে অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰে পাঁচটা গেৰাণ্টী

    দুৰ্নীতিৰ দৰ্পণ সেৱা , তেজপুৰ আৰু বিশ্বনাথ , ২ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমলৈ অহা প্ৰিয়ংকা গান্ধীয়ে আজি তেজপুৰত এক বিশাল জনসভা সম্বোধন কৰে । সভাত বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীয়ো উপস্থিত থাকে । ইয়াৰ উপৰিও কংগ্ৰেছ দলৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা , বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ লগতে বহতো কংগ্ৰেছ নেতা কৰ্মীয়ে । সভাত গান্ধীয়ে অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰে পাঁচটা গেৰাণ্টী।আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰৰ হাতলৈ শাসন আহিলে এই পাঁচটা কৰ্ম কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতি নহয় গেৰাণ্টী দিয়ে গান্ধীয়ে । গান্ধীয়ে প্ৰদান কৰা এই পাঁচ গেৰাণ্টী হ’ল- (১) কংগ্ৰেছে এনেকুৱা আইন প্ৰণয়ন কৰিব যে , ইয়াত কা কোনো প্ৰকাৰে প্ৰযোজ্য নহ’ব । (২) অসমৰ গৃহিণীৰ কাৰণে গৃহিণী সন্মান ৰাশি ৰূপে প্ৰতি মাহত ২০০০ টকাকৈ দিয়া হ’ব । (৩) বিদ্যুতৰ বাবে ২০০ ইউনিট ৰেহাই দিয়া হ’ব প্ৰতিমাহত , যাৰ বাবে একোটা পৰিয়ালৰ ৰাহি হ’ব ১৪,০০০ টকাকৈ । (৪) চাহ বাগিচাৰ কৰ্মীক ৩৬৫ টকাকৈ পাৰিশ্ৰমিক দিয়া হব । (৫) ৫ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হব । উল্লেখ্য যে , কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী নিশা বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত কটোৱাৰ পিছত পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত বুঢ়া মাধব দেৱালয় দৰ্শন কৰি নেত্ৰী গৰাকীয়ে সাক্ষাৎ কৰে চাহ বাগিচাৰ পাত তুলা মহিলা শ্ৰমিক সকলৰ লগত । চাহ শ্ৰমিক সকলৰ লগত নেত্ৰী গৰাকীয়ে কিছু সময় মত বিনিময় কৰি নিজেও চাহ পাত তুলে নেত্ৰীগৰাকীয়ে । তাৰ পিছতেই প্ৰতাপগঢ় চাহ বাগিচাৰ সাধাৰণ শ্ৰমিক অমৃত তাছা নামৰ লোকজনৰ ঘৰত প্ৰবেশ কৰে নেত্ৰী গৰাকীয়ে । শ্ৰমিক গৰাকীৰ ঘৰৰ পাকঘৰত প্ৰবেশ কৰে কংগ্ৰেছ নেত্ৰী গৰাকী আৰু জুতি ললে লাল চাহৰ । মত বিনিময় কৰে অমৃত তচাৰ পৰিয়াল আৰু লৰা ছোৱালীৰ লগত । তাৰ পিছতে সাংবাদিকৰ লগত সাক্ষাত কৰি নেত্ৰী গৰাকীয়ে কয় যে , চাহ শ্ৰমিক সকলৰ মজুৰি যি হাৰত ৰাহুল গান্ধীয়ে প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল । সেই কথা মই গেৰেন্টি প্ৰদান কৰিছো । গেছ চিলিণ্ডাৰৰ,পেট্ৰ , ডিজেল প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । এতিয়া সময় আহি পৰিছে এনে এটা চৰকাৰ গঠন হওক । যি চৰকাৰে জনসাধাৰণৰ কথা শুনে বুজে আৰু সেই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰাৰ । বাগিচাত মহিলা সকলে কইছে বহু নেতা আহে , ডাঙৰ ডাঙৰ কথা কয় , যাৰ বাবে এওলোকৰ আশা কৰিছিল এই সকল নেতাৰ কথাত । প্ৰথম অবস্হাত বাগিচাৰ শ্ৰমিক সকলৰ একাউণ্টত পইচা সোমাইছিল আৰু বিনামূলী্যা চিলিণ্ডাৰো পাইছিল । কিন্তু এতিয়া দুমাহ ধৰি খালী চিলিণ্ডাৰ এওঁ লোকৰ পাকঘৰত পৰি আছে । ৮০০/৯০০ টকা কাৰ ওচৰত আছে গেছ চিলিণ্ডাৰ ভৰাবলৈ, বহু ডাঙৰ ডাঙৰ কথা কৈ শাসনত আহিছিল , কিন্তু কথা বোৰ পালন নকৰিলে । যাৰ বাবে দেশত দৰিদ্ৰতা বৃদ্ধি হৈছে । পুজিপতি উদ্যোগপতি সকল সকলো বস্ত্ত পাই আছে , কিনি আছে । বিমান বন্দৰ কিনিছে , গুৱাহাটী বিমান বন্দৰ কিনিছে । সকলো সুবিধা কেৱল তেওঁলোকে পাই আছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here