দক্ষিণ শালমাৰা মানকাচৰত ইউ ডি এফৰ সংবাদমেল , ৰাজ্যত একাংশ ওয়েৱ মিডিয়াৰ অতপালি

    1
    117

    দক্ষিণ শালমাৰা মানকাচৰত ইউ ডি এফৰ সংবাদমেল , ৰাজ্যত একাংশ ওয়েৱ মিডিয়াৰ অতপালি
    দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ ,১৪ মাৰ্চ : ভদ্ৰতাৰ সীমা চেৰাই গৈছে একাংশ ওয়েৱ মিডিয়াই । সংবাদ মাধ্যমক হেয় প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে একাংশ ওয়েৱ মিডিয়াই । নিজৰ মুনাফা আদায় কৰিবলৈ উঠিপৰি লাগিছে একাংশ ওয়েৱ মিডিয়াই । এটা ওয়েৱ মিডিয়াৰ বিৰুদ্ধে ভিত্তিহীন বাতৰি পৰিবেশন নকৰিবলৈ সকিয়াই দিয়ে জিলা ইউ ডি এফৰ সভাপতি নজমুল হক আৰফিনে । কালি এটা ওয়েৱ মিডিয়াই ইউ ডি এফৰ সাংগাঠনিক সম্পাদক আমিনুল ইছলামক অসভ্য ভাষাৰে গালি গালাছ কৰি তুচ্ছ তাচ্চিল্য কৰিছিল । এটা বাতৰিৰ মাজত যি ভাষা ব্যৱহাৰ কৰিব লাগিছিল , তাৰ বিপৰীতে টুলুঙা মন্তব্য কৰা হৈছিল আমিনুল ইছলামৰ বিৰুদ্ধে । আমিনুল ইছলামক যি ভাষাৰে গালি গালাছ কৰা হৈছিল , সেয়া কোনো সাংবাদিকৰ নীতিত নপৰে । এনেকুৱা সাংবাদিকেই আজি কালি সাংবাদিকৰ নিচিনা সন্মানীয় পেচাত কলা দাগ লগাবলৈ উঠিপৰি লাগিছে । জিলা সভাপতি নজমুল হক আৰফিনে আজি দক্ষিণ শালমাৰা মানকাচৰ ইউ ডি এফৰ মূখ্য নিৰ্বাচনী কাৰ্য্যালয়ত সংবাদমেলত এনেদৰে কয় । মনকৰিবলগীয়া কথা যে , এটা প্ৰকৃত প্ৰতিবেদন বনাবলৈ ৰাইজৰ প্ৰতিক্ৰিয়া থকাটো বাধ্যতামূলক হয় যদিও ৰাইজৰ কোনো প্ৰতিক্ৰিয়া নোহোৱাকৈ কেনেকৈ এজন ব্যক্তিক এনেকৈ গালি গালাজ কৰিব পাৰে ?

    1 COMMENT

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here