দেউৰী বিহুত সত্ৰপিঠ মাজুলীত উখল মাখল পৰিবেশ , বোৱাৰী জীয়ৰীৰ মাজত বিভিন্ন পৰম্পাৰগত খেল অনুষ্ঠিত

0
133

দেউৰী বিহুত সত্ৰপিঠ মাজুলীত উখল মাখল পৰিবেশ , বোৱাৰী জীয়ৰীৰ মাজত বিভিন্ন পৰম্পাৰগত খেল অনুষ্ঠিত
দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাজুলীৰ পৰা কল্পজিৎ শইকীয়া , ২১ জানুৱাৰীঃ অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীয়ে পৰম্পৰা অনুসৰি মাঘ মাহৰ প্ৰথম বুধবাৰে পালন কৰে মাঘ বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ দ্বীপ জিলা মাজুলীতো দেউৰী জনগোষ্ঠীটোৰ লোক সকলে উলহমালহেৰে হেঁপাহৰ মাঘ বিহু বা বিচু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে । মাজুলীৰ দেউৰী গাওঁ কেইখনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘ বিহু পালন কৰিছে। ব্যতিক্ৰম নহয় মাজুলীৰ পূৱ চিৰাম দেউৰী গাৱঁৰ লোকসকলো ৷ এই গাঁও খনৰ লোক সকলে শুকানসুতি নদীৰ পাৰত আয়ম্বৰপূৰ্ণ ভাৱে কালিৰে পৰা দুদিনীয়াকৈ মাঘ বিহু উদযাপন কৰে। গাঁও খনৰ ডেকা,মহিলাৰ পৰা বিদ্ধলৈকে সকলোৱে মিলি কালি বিয়লি পৰম্পৰাগত ৰচী টনা , টেকেলি ভঙা , কাবাদী আদি খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি গাঁৱৰ সকলোৰে মাজত সম্পিতীৰ এনাজৰীৰে বন্ধাৰ চেষ্টা কৰে। নিশা সকলো ডেকা-গাভৰু,বুঢ়া-বুঢ়ী,কণ-কণ লৰা ছোৱালী সকলো মিলি আনন্দৰে সকলোৱে এসাঁজ ভোজ ভাত খায় ভেলাঘৰত । বানপিড়িত অঞ্চলৰ প্ৰধান সম্বল নাওঁ খনক প্ৰতীক চিহ্ন হিচাপে লৈ ভেলা ঘৰ নিৰ্মাণ কৰি চিৰাম দেউৰী গাৱঁৰ যুৱক সকলে এক অন্য নিৰ্দশন দাঙি ধৰে। কালি সন্ধিয়াৰ ভাগত গাৱঁৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ছবি অকা , সংগীতকে ধৰি বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত কৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰছাত্ৰী সকলক শিক্ষন সামগ্ৰী প্ৰদান কৰা বুলি গাঁও উন্নয়ন সমিতিৰ হৈ যদু দেউৰীয়ে আমাক জনায় ৷ ইফালে , আজি পুৱা ৰাতিপুৱাৰ পিছত
দেউৰী জনগোষ্ঠিৰ ডেকা গাভৰু , বোৱাৰী সকলো মিলি বিহু নাচি ৰং ৰহইছ কৰাৰ লগতে দেউৰী সকলে পৰম্পৰাগত পানীয় চুজে আৰু গাহৰি মাংসৰ উপৰি পৰম্পৰাগত খাদ্যৰ জুতি লোৱা পৰিলক্ষিত হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here