দেৰগাঁৱত চৰকাৰলৈ বাট নাচাই নিজেই বান্ধিলে পথ , কত গ’ল আবন্টিত পুজি

    0
    63

    দেৰগাঁৱত চৰকাৰলৈ বাট নাচাই নিজেই বান্ধিলে পথ , কত গ’ল আবন্টিত পুজি
    দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ৪ মাৰ্চঃ অসম চৰকাৰে ৰাস্তা পদূলিৰ উন্নয়ণ কৰা বুলি বৰ বৰ কথা কোৱাৰ সম‌য়তে দেৰগাঁৱৰ এখন গাঁৱৰ একাংশ ৰাইজে পথৰ অভাৱত নিজেই পথ বান্ধি ল’ব লগা হোৱাৰ ঘটনাই চৰকাৰী ওফাইদাংৰ স্বৰূপটো প্ৰকাশ পাইছে । দেৰগাঁও বিধানসভা সমষ্টিৰ দেৰগাঁও পঞ্চায়তৰ অন্তৰ্গত জেলেহুৱা হাজৰিকা চুকত গাঁৱৰ লোক সকলে নিজাববীয়াকৈ টকা খৰচ কৰাৰ লগতে কপালৰ ঘাম মাটিত পেলাই এতিয়ালৈকে এক কিলোমিটাৰতকৈও অধিক পথ বন্ধাই ল’বলৈ বাধ্য হৈছে । উল্লেখযোগ্য যে , বিভিন্ন স্থানৰ অৰ্ধশতাধিক ঘৰতকৈও অধিক লোকৰ বসতিস্থল গাঁওখনিৰ অধিক পৰিয়ালেই মুখ্যমন্ত্ৰী সমষ্টিৰ দক্ষিণ আহঁতগুৰি আৰু আহঁতগুৰি পঞ্চায়তৰ লোক । ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত মাটি ভেটি হেৰুৱাই সৰ্বস্ৰান্ত হোৱা লোক সকলে হাতত থকা সাঁচতীয়া ধন কেইটাই কেৱল মাটি ভেটি লৈ নতুনকৈ জীৱন সংগ্ৰাম আৰম্ভ কৰা লোক সকল চৰকাৰী সকলো সুবিধাৰ পৰা এতিয়া বঞ্চিত হৈ পৰিছে । মাটি ভেটি লৈ গাঁও পাতি বাস কৰাৰ পাছতো কেৱল দেৰগাঁৱৰ ভোটাৰ নোহোৱা অজুহাতত স্থানীয় একাংশ ৰাজনৈতিক লোকে পঞ্চায়তৰ ফালৰ মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ দ্বাৰা নিৰ্মান হʼবলগীয়া পথটি নিৰ্মাণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ কথা স্থানীয় পঞ্চায়ত সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে,পথটি প্ৰথম অৱস্থাত কৃষি বান্ধ হিচাপে নিৰ্মাণ কৰিবলৈ পুজিৰ অনুমোদন হোৱাৰ পাছত পঞ্চায়তৰ বিষয়ববীয়া আহি জোখ মাখ আৰম্ভও কৰিছিল । তেনেস্থলত কি কাৰনত পথটি নিৰ্মাণ নহল , সেইয়া এক অবুজ সাঁথৰ হৈ পৰিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here