দেৰগাঁৱত সদৌ অসম বেংক মিত্ৰ এচ’চিয়েচনৰ অধিৱেশন সম্পন্ন , উৎপল হাজৰিকা সভাপতি, দিপেন সজাতি সম্পাদক নিৰ্বাচিত

    0
    61

    দেৰগাঁৱত সদৌ অসম বেংক মিত্ৰ এচ’চিয়েচনৰ অধিৱেশন সম্পন্ন , উৎপল হাজৰিকা সভাপতি, দিপেন সজাতি সম্পাদক নিৰ্বাচিত
    দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও, ২৮ ফেব্ৰুৱাৰীঃ সদৌ অসম বেংক মিত্ৰ এচ’ চিয়েচনৰ দ্বিতীয় দ্বি বাৰ্ষিক অধিৱেশন খন গোলাঘাট জিলা সমিতি ৰ আতিথ্যত ২৭ আৰু ২৮ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে দেৰগাও পঞ্চায়ত ধৰমশালাত অনুষ্ঠিত হৈ যায়।এই উপলক্ষে, প্ৰথম দিনা,ৰাজ্যিক সভাপতি মধুসুধন ৰয় আৰু জিলা সভাপতি জীতেন তাৰে পতাকা উত্তোলন, দ্বীপজ্যোতি বৰকটকী য়ে স্মৃতিতৰ্পণ কৰাৰ পাছত ৰাজ্যিক কায্যনিৰ্বাহক সভা,সংবাদ মেল,প্ৰতিনিধি সভা অনুষ্ঠিত হয়।প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে উৎপল হাজৰিকা ক সভাপতি আৰু দ্বিপেন সজাতিক সম্পাদক ৰূপেলৈ এচচিয়েচনৰ নতুন সমিতি খন শক্তিশালী ৰূপত গঠন কৰা হয়।দ্বিতীয় দিনা,জ্যেষ্ঠ সাংবাদিক তথা বোকাখাট মহকুমা সাংবাদিক সন্থাৰ কায্যকৰী সভাপতি বুবুল দত্তই উদ্বোধন কৰা মুকলি সভাত সদৌ অসম ইউ বি আই কৰ্মচাৰী এচচিয়েচনৰ সম্পাদক বিশ্বজিৎ কাকতিয়ে নিদ্দিষ্ট বক্তাৰ ভাষণ দিয়ে।সভাত অন্যান্য বিষয়ৰ লগতে ৰাজ্য ৰ বেংকমিত্ৰ সকলে যোৱা দহবছৰ ধৰি ভোগ কৰি অহা বিভিন্ন সমস্যা সমূহৰ ওপৰত বিতং আলোচনা কৰা হয়।এমাহৰ ভিতৰত বেংক মিত্ৰ সকলৰ চাকৰি নিয়মীয়া কৰাকে ধৰি এচচিয়েচনৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক জৰুৰী দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here