দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক মহিলা সুৰক্ষা সমিতিৰ উদ্যোগত নাৰী দিৱস উদযাপন , নাৰীসকলক মঞ্চ শুৱনি কৰি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাবৰ বাবেহে ব্যৱহাৰ কৰেঃ শিখা শৰ্মা

    13
    789

    দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক মহিলা সুৰক্ষা সমিতিৰ উদ্যোগত নাৰী দিৱস উদযাপন , নাৰীসকলক মঞ্চ শুৱনি কৰি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাবৰ বাবেহে ব্যৱহাৰ কৰেঃ শিখা শৰ্মা

    দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও, ৮ মাৰ্চঃ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক মহিলা সুৰক্ষা সমিতিৰ উদ্যোগত কৰৈয়নীবাসী ৰাইজ আৰু স্থানীয় গ্ৰাম্য সংগঠন সমূহৰ সহযোগত কৰৈয়নী হাইস্কুলৰ সমীপত ৭ আৰু ৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে চতুৰ্থ সংখ্যক আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।এই উপলক্ষে প্ৰথম দিনা নাৰী দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত থিতাতে লিখা ৰছনা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কুইজ, চিত্ৰাংকন, সৃষ্টিশীল নৃত্য আদি প্ৰতিযোগিতা সমুহ অনুষ্ঠিত হয়।দ্বিতীয় দিনা পুৱা পৰিবেশ নিকাকৰণৰ পাছতেই বৃক্ষ ৰোপণ কৰে বৰ্ষীয়ান মহিলা তুলমাই হাজৰিকাই, পতাকা উত্তোলন কৰে ব্ৰহ্মপুত্ৰ আঞ্চলিক মহিলা সুৰক্ষা সমিতিৰ সভানেত্ৰী শেৱালী হাজৰিকাই, স্মৃতি তৰ্পন কৰে কৰৈয়নী আঁহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ মৃদুল গোস্বামীয়ে। ইয়াৰ পাছতেই চাৰহ মিছিং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ৰুনুমী বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয় আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচন আৰু বঁটা বিতৰণী অনুষ্ঠান।সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰানী ৰাজকুমাৰীয়ে উদ্বোধন কৰা অনুষ্ঠানটিত বিশিষ্ট লেখক দীনেশ দাসে আলোচক হিচাপে অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ প্ৰদান কৰে।ৰাণুমণি বৰা কঁহাৰে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট লেখিকা শিখা শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰ্তমান চৰকাৰ খনে স্বাস্থ্য শিক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলা সকলৰ বাবে একোৱেই কৰা নাই, ৰাজ্য খনত প্ৰসুতিৰ মৃত্যুৰ হাৰে সেই কথাকে উদঙাইছে,কোনো ৰাজনৈতিক দলেই নাৰীক প্ৰাধান্য নিদিলে,নাৰীসকলক মঞ্চ শুৱনি কৰি বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনাবৰ বাবেহে ব্যৱহাৰ কৰা কথা উল্লেখ কৰে। অন্যহাতে বৰ্তমান সমাজত নাৰীতকৈ পুৰুষ সকলহে বেছিকৈ অত্যাচাৰৰ সন্মুখীন হোৱা বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে। বিশিষ্ট নাট্যকৰ্মী ফিলিপ জামান নেওঁগ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ বৰা, বিশিষ্ট লেখিকা হেমা চৌধুৰী গগৈ, যুৱ লেখক সমীৰ ভূষণ বৰাৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকি ভাষন প্ৰদান কৰা অনুষ্ঠানটিত ৰানুমনি বৰা কঁহাৰ ৰছিত একাংকিকা নাটক জাগৰণ উন্মোচন কৰে ব্ৰহ্মপুত্ৰ শাখা সাহিত্য সভাৰ সভাপতি পদ্মধৰ বৰাই।অনুষ্ঠানটিত কেইবাগৰাকীও শিশু শিল্পীয়ে নৃত্য গীত পৰিবেশন কৰি জীপাল কৰি তোলে।

    13 COMMENTS

    1. Ciao, mi chiamo Enrica Bonsignore e sono una ricercatrice all’Università di Roma.
      Amo la biologia, la medicina e la terapia non classica.
      Nel mio tempo libero scrivo articoli per il blog https://vallesinamarathon.it/idealis/
      Sul questo blog, è possibile conoscere i nuovi trattamenti,
      i farmaci, i modi per superare la malattia

    Leave a Reply to Fastest Payday Loan Cancel reply

    Please enter your comment!
    Please enter your name here