ধিং সমষ্টিৰ ডুমডুমীয়া বজাৰত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভা

    0
    64

    ধিং সমষ্টিৰ ডুমডুমীয়া বজাৰত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভা

    দুৰ্নীতিৰ দৰ্পণ সেৱা ,ইমামুল ইছলাম , ডুমডুমীয়া , ১৫ মাৰ্চ : ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ ৷ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো দলৰ চলিছে নিৰ্বাচনী প্ৰচাৰ,আজি ধিং সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী হাজি আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলালে মৌলানাবদৰ উদ্দীন আজমল , অসম প্ৰদেশ কংগ্ৰেছৰ সধাৰণ সম্পাদক আনোৱাৰ হুছেইন , হাইদৰ আলীয়ে । উক্ত সভাত বদৰুদ্দিনে কয় যে , ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক বিজেপিৰ B টিম নহয় A টিম । হিমন্তক কটাক্ষ কৰি কয় যে , আগতে হিমন্তয় কয় , মিঞা ভোট নালাগে , এতিয়া কয় মুছলামনৰ ভোট আমাক লাগে । ইয়াকে কয় , ঠেলাৰ নাম বাবাজী । আজমলে আৰু কয় , অসমত এজনো বাংলাদেশী নাই , গৃহ বিভাগে এজনো বাংলাদেশী উলিয়াবলৈ সক্ষম হোৱা নাই । যি সকলে মুছলমানে বাংলাদেশী আনে বুলি কয় , তেওঁলোকক পাগল বুলিও কয় । আজমলে আৰু কয় যে , আমাৰ মহাজোটৰ চৰকাৰ আহিলে মাদ্ৰাজ বন্ধ নহয় , জিলায় জিলায় বিশ্ববিদ্যালয় দিম , ডি ভোটাৰৰ সমসা সমাধান , NRC সমসা , ডিটেনচ কেম্পৰ সমসা সমাধান কৰিম । এই সভাতেই আমিনুল ইছলামে কয় , মই ৰাইজৰ টকাৰে নিৰ্বাচন খেলিছো , ৰাইজে এইবাৰো টকা দি নিৰ্বাচন চলাই আছে আৰু কয় যে , চৰ-চাপৰিৰ মাটিৰ পট্ৰা গৰাখনীয়া সমসা সমাধান কৰিম। উপস্থিত মৌৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ছৰিফ উদ্দিন,নগাঁও জিলাৰ পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ হুছেইন,অসম প্ৰদেশ‌ কংগ্ৰেছৰ সম্পাদক আনোৱাৰ হুছেইন কেন্দ্ৰীয় যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলাম সভাত উপস্থিত থাকে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here