ধুবুৰী বিধান সমষ্টিৰ এআইইউডিএফৰ বিধায়ক নজৰুল হকৰ মনোনয়ন পত্ৰ দাখিল

0
123


ধুবুৰী বিধান সমষ্টিৰ এআইইউডিএফৰ বিধায়ক নজৰুল হকৰ মনোনয়ন পত্ৰ দাখিল

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ধুবুৰী , ১৮ মাৰ্চ : ধুবুৰী বিধান সভা সমষ্টিৰ বিধায়ক নজৰুল হকে আজি ঝগৰাৰপাৰ ষ্টেডিয়ামৰ পৰা ব্যাপক হেজাৰ হেজাৰ সমৰ্থনকাৰী লৈ ডি কে ৰোড হৈ ৰোড শ্ব কৰি ধুবুৰী প্ৰভাৱ চন্দ্ৰ বৰুৱা খেল পথাৰত উপস্থিত হয় । উক্ত ৰোড শ্বত সংগ দিয়ে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম সৰকাৰ , ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনিমুল ইছলামৰ সমৰ্থনকাৰীৰ লগতে চি পি আই , বি পি এফ আৰু সাধাৰণ ৰাইজে সহযোগ কৰে । তাৰ পিছত ২৩ নং ধুবুৰী বিধান সভা সমষ্টিৰ মহাজোটবন্ধনৰ সমৰ্থিত মনোনীত প্ৰাৰ্থী নজৰুল হকে আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । ইফালে,মনোনয়ন পত্ৰ দাখিল কৰি ধুবুৰীৰ বিধায়ক নজৰুল হকে সাংবাদিকৰ আগত মন্তব্য কৰে যে ,ধুবুৰীত এইবাৰ মহাজোট বন্ধনৰ সমৰ্থিত প্ৰাৰ্থী তথা এআইইউডিএফৰ বিধায়ক নজৰুল হকৰ জয় নিশ্চিত বুলি কয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here