নগাঁৱত ক’ভিডৰ ভয়াবহ পৰিস্থিতি , আক্ৰান্তৰ সংখ্যাই ছয়শ স্পৰ্শ কৰা দিশলৈ অগ্ৰসৰ

    0
    64

    নগাঁৱত ক’ভিডৰ ভয়াবহ পৰিস্থিতি , আক্ৰান্তৰ সংখ্যাই ছয়শ স্পৰ্শ কৰা দিশলৈ অগ্ৰসৰ

    দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও ,২৩ এপ্ৰিল : অতিমাৰী ক’ভিড-১৯ ৰ দ্বিতীয়টো লহৰে নগাঁও জিলাত ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । দৈনিক জিলাখনৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত সৰ্বসাধাৰণ ৰাইজ ব্যাপক আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে । আজিও জিলাখনত ১০০ গৰাকী লোক এই ক’ভিড-১৯ ত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য জিলা খনৰ স্বাস্হ্য বিভাগে প্ৰকাশ কৰিছে । আজি জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্হ্য বিভাগে ৩৫০১ গৰাকী লোকৰ RAT টে’ষ্ট আৰু ৬৮ গৰাকী আৰ টি পি চি আৰ টেষ্ট কৰা হয়।ইয়াৰ ভিতৰত ১০০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয় । ইয়াৰে ৯০ গৰাকী লোক RAT টে’ষ্টৰ জৰিয়তে আৰু ১০ গৰাকী লোক আৰ টি পি চি আৰ টে’ষ্টৰ জৰিয়তে কভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে । ইয়াৰে ৪ গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিটেলত চিকিৎসাধীন কৰা হৈছে । আন ৯৬ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে । আজি চিকিৎসাধীন হৈ থকা ৩ গৰাকী আৰু নিজ গৃহত আছুতীয়া হৈ থকা ৬ গৰাকী লোক সুস্থ হৈ উঠিছে বুলি স্বাস্হ্য বিভাগৰ সুত্ৰই জানিবলৈ দিছে । আজিলৈকে জিলাখনত কভিড-১৯ ৰ দ্বিতীয় লহৰত ৫৮৬ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে যদিও আজিৰ তাৰিখত নগাঁও জিলাত ৪৮৫ গৰাকী লোক কভিড-১৯ ত সক্ৰিয় ভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । আজিলৈকে জিলাখনত ১৪১ গৰাকী লোক সুস্থ হৈ উঠিছে । ইয়াৰ ভিতৰত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ২১ গৰাকী আৰু গৃহত আছুতীয়াভাৱে থকা ১২০ গৰাকী লোক সুস্থ হৈ উঠিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here