নগাঁৱৰ ডাচৱানী ক্লাছেচেৰ সাফল্য , নীট পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ 

0
1319
নগাঁৱৰ ডাচৱানী ক্লাছেচেৰ সাফল্য , নীট পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ১৭ অক্টোবৰ: পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি পুনৰ উজ্বলি উঠিল নগাঁৱৰ ডাচৱানী ক্লাছেচ । সদ্যঘোষিত নীট পৰীক্ষাত শিক্ষা প্ৰতিষ্ঠানখনৰ ১০০ শতাংশ প্ৰাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে । প্ৰতিষ্ঠান খনৰ পৰিচালক প্ৰাঞ্জল কুমাৰ বৰাই জানিব দিয়া মতে এইবাৰ প্ৰতিষ্ঠানখনৰ পৰা মেডিকেল প্ৰৱেশ পৰীক্ষাত ৩০ জনে বিভিন্ন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত , ২১ জনে চৰকাৰী  অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্ত্তিৰ সুযোগ লাভ কৰিব । ইয়াৰোপৰি এই প্ৰতিষ্ঠানৰ ৫ জন ছাত্ৰ-ছাত্ৰীয়ে ইতিপূৰ্বে NIT শিলচৰ আৰু তেজপুৰত ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্ত্তি কৰিছে । এইবছৰ প্ৰতিষ্ঠানখনৰ পৰা NEET পৰীক্ষাত পুৱেৰুন জ্যোতি বৰা (৫৬৯) নম্বৰ, JEE পৰীক্ষাত অৰপীট গোস্বামীয়ে (৯২%) আৰু CEE পৰীক্ষাত ছনদ্বীপ কুমাৰ মাইটে (২৯১) নম্বৰ পাবলৈ সক্ষম হৈছে। ৰাজস্থানৰ কোটা চহৰৰ অভিজ্ঞ শিক্ষকে পাঠদান কৰা এই প্ৰতিষ্ঠানখনৰ ধাৰাবাহিক সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ডাচৱানী পৰিয়াল । উল্লেখ্য যে ২০২১ বৰ্ষৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰতিষ্ঠানখনে অহা ১ নবেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰিব । আজি অনুষ্ঠিত এক অনুষ্ঠানত এই ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।