নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে উদ্ধাৰ হৈছে লাখ লাখ টকা

    0
    94

    নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে উদ্ধাৰ হৈছে লাখ লাখ টকা
    দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ১৫ মাৰ্চঃ যোৱা নিশা অৰ্থাৎ দেওবাৰে নিশা ১২ মান বজাত ডবকা আৰক্ষী আৰু ৯০ নং যমুনামুখ সমষ্টিৰ SST ৰ যুটীয়া অভিযানৰ ফলত এ এচ ০৮ ০৯২২ নম্বৰৰ এল্টো বাহনৰ পৰা ৫ লাখ ৫ হাজাৰ ৫ শ টকা জব্দ কৰিবলৈ সক্ষম হয় । নিৰ্বাচনৰ প্ৰাকক্ষণত ডবকাত আৰক্ষী আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমে জব্দ কৰে ৫ লক্ষাধিক টকা । নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পিছতো ৰাজ্যত প্ৰতিদিনে বিভিন্ন প্ৰান্তত জব্দ হৈছে লাখ লাখ টকা । আৰক্ষী–প্ৰশাসনে নিৰ্বাচনী আচৰণবিধি উলংঘা নকৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো ভ্ৰুক্ষেপ নাই একাংশ লোকৰ। নগদ লাখ লাখ টকা সৰবৰাহ কৰি ষ্টেটিক ছাৰ্ভিলেন্স টীম , ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ জালত পৰিছে বহু লোক । টকাখিনি হাফলঙৰ প্ৰাণজিৎ কেম্প্ৰাই আৰু নিপেন্দ্ৰ হোজাইৰ পৰা জব্দ কৰিছে ষ্টেটিক ছাৰ্ভিলেন্স টীম আৰু আৰক্ষীয়ে । ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ডবকা টোলগেটৰ পৰা জব্দ কৰে টকা খিনি । টকাৰ কোনো উপযুক্ত নথি–পত্ৰ দেখুওৱাব পৰা নাই লোক দুজনে । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । শনিবাৰে সন্ধিয়াৰ ভাগতো ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ তালাচীত মোৰাঝাৰৰ ৰত্না বেগম নামৰ এগৰাকী মহিলাৰ পৰাও ১ লাখ ২৭ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল । এখন এল্টো গাড়ীৰে মহিলা গৰাকীয়ে নগদ ধনখিনি লৈ যোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে । মোৰাঝাৰ নীলবাগান গড়কাপ্তানী পথত চাবাজপুৰত যান–বাহনত আৰক্ষীয়ে চলায় তালাচী । মোৰাঝাৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ নেতৃত্বত চলা এছ আই সুৰজ দত্ত আৰু নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ বিষয়াই তালাচী চলাই মহিলাগৰাকীৰ পৰা জব্দ কৰা টকাৰ উপায়ুক্ত প্ৰমাণ দেখুৱাব পৰা নাই মহিলাগৰাকীয়ে । হোজাই জিলাৰ কাৰ্বি আংলং সীমান্তৱৰ্তী আকাশীগংগা,ডবকা,মোৰাঝাৰ নীলবাগান আদি অঞ্চলত ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here