নীলবাগানত সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনত লুণ্ঠনৰাজ , চি এচ পি আৰু প্ৰধান শিক্ষকক দিব লাগে উৎকোচ

    7
    103

    নীলবাগানত সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনত লুণ্ঠনৰাজ , চি এচ পি আৰু প্ৰধান শিক্ষকক দিব লাগে উৎকোচ

    দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান , ১১ এপ্ৰিলঃ হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত নীলবাগান সদৰগাঁও এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আৰু নীলবাগান চেন্ট্ৰেল বেংকৰ চি এচ পিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ৷ উল্লেখ যোগ্য যে , ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী৷ কৰবাত যদি বিদ্যালয়ৰ শিক্ষকে এই জলপানীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । আন কৰবাত আকৌ বেংকৰ চি এচ পিয়ে জালিয়াতিৰে লুন্ঠন কৰিছে কোটি কোটি টকা ৷ এইবাৰ নীলবাগানৰ সদৰগাঁও এম ই মাদ্ৰাছাৰ দুই শতাধিক শিক্ষাৰ্থীৰ জলপানীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে ৷ শিক্ষাৰ্থীৰ জলপানীৰ ধন মুকলাই দিয়াৰ বাবে শিক্ষাৰ্থীসকলে প্ৰাপ্যৰ অৰ্ধেক ধন দিব লাগে নীলবাগান চেন্ট্ৰেল বেংকৰ চি এচ পি আলতাব হুছেইনক ৷ চি এচ পি আলতাব হুছেইনক অৰ্ধেক ধন নিদিলে কোনো শিক্ষাৰ্থীয়ে তুলিব নোৱাৰে জলপানীৰ ধন ৷ কিয়নো , নীলবাগান চেন্ট্ৰেল বেংকৰ চি এচ পি আলতাব হুছেইন আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক নিজাম উদ্দিনে শিক্ষাৰ্থী সকলৰ নামত জালিয়াতিৰে ভুৱা বেংক একাউন্ট কৰি আজিলৈকে দিয়া নাই বেংক পাচবুক ৷ দিয়া নাই একাউন্ট নম্বৰো ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিজাম উদ্দিনৰ লগত মিলি বেংকৰ চি এচ পি জনে দুই শতাধিক শিক্ষাৰ্থীৰ জলপানীৰ বাবে বিভাগীয় কতৃপক্ষৰ ওচৰত আবেদন জনাইছিল ৷ বৰ্তমান প্ৰতিজন শিক্ষাৰ্থীৰ বেংক একাউন্টত ১০,৭০০ টকাকৈ সোমাইছে ৷ কিন্তু উক্ত ধন লাভ কৰিবলৈ হলে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ৫,০০০ টকাকৈ উৎকোচ দিব লাগে বেংক চি এচ পিৰ লগতে সংখ্যালঘু জলপানীৰ নামত কোটি কোটি টকাৰ কেলেংকাৰীত জড়িত থকা মাষ্টাৰ মাইণ্ড জেহেৰুল ইছলাম আৰু প্ৰধান শিক্ষক নিজাম উদ্দিনক ৷ শুক্ৰবাৰে জলপানীৰ নামত চি এচ পি জনে শিক্ষাৰ্থীসকলৰ পৰা ফিংগাৰ প্ৰিণ্ট লৈ ১০,৭০০ টকাৰ উড্ৰয়েল কৰাই ৫,০০০ টকাকৈ কৰ্তন কৰি ৰাখে ৷ ইয়াকে লৈ উত্তেজিত হৈ পৰে অভিভাৱক সমাজৰ লগতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ৷ অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষাৰ্থী সকলে নিজৰ প্ৰাপ্য ধন সমূহ মুকলাই দিবলৈ জিলা প্ৰশাসনৰ লগতে বিভাগীয় কতৃপক্ষক দাবী জনায় ৷ এতিয়া এই সকল দুৰ্নীতি গ্ৰস্থ মাষ্টাৰ মাইণ্ড চি এচ পি আলতাব হুছেইন,জেহেৰুল ইছলাম আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক নিজাম উদ্দিনৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা বিভাগীয় কতৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে , সেয়া সময়ত হব লক্ষনীয় ৷

    7 COMMENTS

    1. [url=http://buygenericviagracialis.com/]viagra pill price in india[/url] [url=http://nfcpharmacy.com/]pharmacy wholesalers canada[/url] [url=http://opameds.com/]valtrex medication online[/url] [url=http://viagraytab.com/]viagra 50 mg cost[/url] [url=http://tadalafilvtab.com/]buy cialis generic online[/url] [url=http://viagracmed.com/]best generic viagra from india[/url] [url=http://drugfstore.com/]northern pharmacy[/url] [url=http://medicationcialis.com/]generic cialis 200mg[/url]

    2. [url=http://onlinexpharmacy.com/]www canadapharmacy com[/url] [url=http://tadalafil20x.com/]tadalafil buy online canada[/url] [url=http://cialisalp.com/]2.5 mg cialis online[/url]

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here