পেঙেৰীত অস্ত্ৰসহ দুই দুধৰ্ষ চোৰাং চিকাৰী আটক , এজন পলাতক

    0
    69

    পেঙেৰীত অস্ত্ৰসহ দুই দুধৰ্ষ চোৰাং চিকাৰী আটক , এজন পলাতক

    দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰডুমচাৰ পৰা প্ৰমোদ ভূঞাৰ ৰিৰ্পট , ৮ এপ্ৰিলঃ পেঙেৰীৰ আপাৰ দিহিং ৰেইন ফৰেষ্ট ৰজাআলিত বন বিভাগে বুধবাৰে সন্ধিয়া এক গোপন সুত্ৰ পমখেদি অভিযান চলাই অস্ত্ৰসহ দুজন চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয় । খাটাংপানী আঞ্চলিক বন বিভাগ আৰু পেঙেৰীৰ আৰক্ষীৰ যুটীয়া অভিযানত ৰজা আলিৰ খণ্ড বন কাৰ্যালয়ৰ কাষৰ বনাঞ্চলত দুজন চোৰাং চিকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্যে যে , দীৰ্ঘদিনৰ পৰা চোৰাং চিকাৰী কেইজনে বন্য জীৱ জন্তু চিকাৰ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । আটকাধীন চোৰাং চিকাৰী কেইজন হ’ল ক্ৰমে পেঙেৰীৰ বুঢ়ীদিহিং মৌজাৰ গাড়া লাইনৰ বাসিন্দা বিৰ্জু মুখীয়া আৰু পেঙেৰী টেকেৰীৰ মাজুলী গাঁৱৰ উকীল মৰাণ । অভিযানকাৰী দলে তেওঁলোকৰ জিম্মাৰ পৰা হাতে সজা দুটাকৈ বন্ধুক আৰু এখন মটৰচাইকেল, As 23 A A 0699 জব্দ কৰে । আনহাতে , অনন্ত বৰা নামৰ আন এজন চোৰাং চিকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় । আনজন পলাতক চোৰাং চিকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । অভিযানৰ নেতৃত্বত আছিল খাটাংপানী আঞ্চলিক বন বিষয়া হীৰেন মেদক । এই অভিযানত তেওঁক সহযোগ কৰে বনবিভাগৰ কৰ্মচাৰী বিপুল হাজৰিকা , প্ৰমোদ দত্ত আৰু ফৰেষ্ট বেটিলেন লগতে পেঙেৰীৰ আৰক্ষীয়ে । কিছুদিনৰ পুৰ্বে সাংবাদিকৰ নেতৃত্বত এটা দলে ৰজাআলি বনাঞ্চলত প্ৰৱেশ কৰি বহু সংখ্যক কটা গছৰ কুণ্ডা প্ৰত্যক্ষ কৰি বন বিভাগক অৱগত কৰিছিল যদিও বৰ্তমানেও বন বিভাগে কুণ্ডা সমূহ ছীজ নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি হৈছে । আজিও তৰাণী,নলনী আৰু ৰজাআলি বনাঞ্চলত নিশা চেইনশ্চুৰ মেচিনে গছ কটা শব্দ শুনা বুলি জানিবলৈ দিছে । অবাধ গতিত বনাঞ্চলখন কেইখনত চোৰাং কাঠ মাফিয়া আৰু চিকাৰীয়ে ধ্বংস যজ্ঞ্য চলাই গৈছে যদিও ৰাজ্য বন বিভাগ কিন্তু সম্পুৰ্ণৰূপে কুম্ভকৰ্ণ নিদ্ৰাত বুলি কব পাৰি । বন বিভাগৰ এনে অমনোযোগিতা অৱ্যাহত থাকিলে যে অতি কম দিনৰ ভিতৰতে বনাঞ্চল কেইখন নিশেষ হৈ পৰিব ই নিশ্চিত ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here