পোনপ্ৰথম বাৰৰ বাবে অৱতৰণ কৰিল ৰূপচী বিমানবন্দৰত

0
45
পোনপ্ৰথম বাৰৰ বাবে অৱতৰণ কৰিল ৰূপচী বিমানবন্দৰত
দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰ , নুৰ ইছলাম সেখ , ৮ মেঃ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পেলাই সাজু হৈ উঠিছে ৰূপসী বিমান বন্দৰ । আজিৰে পৰা আৰম্ভ হল বিমান চলাচল । ৩০ গুৱাহাটীৰ পৰা ৰূপচীৰ যাত্ৰা । Flying️ বিমান পোনপ্ৰথম বাৰৰ বাবে অৱতৰণ কৰিল ৰূপচী বিমানবন্দৰত । ইতিহাসিক ৰূপচী বিমান বন্দৰ । প্ৰায় ৪০ টা বছৰ আশা-অপেক্ষাৰ অন্ত পেলাই সম্পূৰ্ণ ৰূপে সাজু হৈছে ৰূপসী বিমান বন্দৰ । ২০১৮ চনৰ মে’ মাহৰ পৰাই বিমানবন্দৰটোৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । বৰ্তমান BTAD ৰ অন্তৰ্ভুক্ত এই বিমানবন্দৰটো প্ৰায় ৪০ টা বছৰ বন্ধ হৈ আছিল । ইমান বছৰ  বন্ধ হৈ থকাৰ ফলত জনসাধাৰনে বিমান বন্দৰটোৰ পুনৰ জীৱিত হৈ উঠাৰ আশা এক প্ৰকাৰে হেৰুৱাই পেলাইছিল । আজি পোনপ্ৰথম বাৰৰ বাবে Flybig বিমান অৱতৰণ কৰিল ৰূপচী বিমানবন্দৰত । ৩০ মিনিটতে আহিব পাৰিব গুৱাহাটীৰ পৰা ধুবুৰী-কোকৰাঝাৰৰ যাত্ৰা । এই বিমানবন্দৰটোৰ ইতিহাসে নামনি অসমৰ জনসাধাৰণক গৌৰৱবোধ কৰায় । ব্ৰিটিছে নিৰ্মান কৰা বিমানবন্দৰটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামৰিক বাহিনীৰ অস্ত্ৰ-শস্ত্র আৰু যুদ্ধৰ আন আন সা-সামগ্ৰী অনা-নিয়াৰ বাবে এই বিমানবন্দৰটো ব্যৱহাৰ কৰা হৈছিল । ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰত চৰকাৰে ৰূপসী বিমানবন্দৰটো অসামৰিক বিমানবন্দৰ হিচাপে ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । তেতিয়াৰে পৰা ৰূপসী বিমানবন্দৰৰ পৰা অসমৰ বাহিৰৰ বিভিন্ন স্থানলৈ বয়-বস্তু , সা-সামগ্ৰী আদি অনা নিয়াৰ বাবে ই ব্যৱহাৰ হৈ আহে । ১৯৮০ চনত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰূপসী বিমানবন্দৰলৈ বিমান সেৱা আৰম্ভ হয় আৰু সেই বিমান খনৰ নাম আছিল “বায়ুদূত”। সেই সময়ত নামনি অসমৰ জনসাধাৰণৰ বেপাৰ বাণিজ্যৰ লগতে যাতায়ত ব্যৱস্থাও সুচল হৈ আছিল । কিন্তু সকলোকে আচৰিত কৰি ১৯৮২ চনৰ পৰা বিমানবন্দৰটোৰ বিমান সেৱা বন্ধ হৈ পৰে । প্ৰায় ৪০ টা বছৰ বন্ধ হৈ থকাৰ ফলত লাখ লাখ জনসাধাৰণে বিমানবন্দৰটোৰ পুনঃজীৱনৰ আশা-আকাংক্ষাক এক প্ৰকাৰে হেৰুৱাই পেলাইছিল । কেইবছৰ আগত ভাৰত চৰকাৰে উৰাণ আঁচনিৰ অধীনত ৰূপসী বিমানবন্দৰটো পুনৰ নিৰ্মাণ কথা ঘোষনাই নামনি অসমৰ জনসাধাৰণক আনন্দিত কৰি তোলে । প্ৰায় ৪০টা বছৰ আশা-অপেক্ষাক অন্ত পেলাই ২০১৮ চনৰ মে’ মাহৰ পৰাই বিমানবন্দৰটোৰ পুনঃ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় । ইতিহাস প্ৰসিদ্ধ এই বিমানবন্দৰটো আজি Flybig বিমান অৱতৰণ কৰে । আনহাতে , এই বিমানবন্দৰটোৱে অকল অসমকে নহয় চুবুৰীয়া ৰাজ্য পশ্চিমবংগকো উপকৃত কৰি তুলিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here