পৰ্ব্বতঝোৰা আৰক্ষী বিষয়াৰ বৃহৎ সাফল্য , ১০ টাকৈ উন্নত জাতৰ ব্ৰয়াইলাৰ গৰু জব্দ

0
65

পৰ্ব্বতঝোৰা আৰক্ষী বিষয়াৰ বৃহৎ সাফল্য , ১০ টাকৈ উন্নত জাতৰ ব্ৰয়াইলাৰ গৰু জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা,নুৰ ইছলাম সেখ,গৌৰীপুৰ,৩০এপ্ৰিলঃ বিটিএডি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰু বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্ব জিৎ ভদ্ৰৰ সহযোগত আজি দিনৰ ১-৩০ মান বজাত এক গোপন সূত্ৰৰ পম খেদি ১০ টাকৈ উন্নত জাতৰ গৰু সহ এটা গৰু কঢ়িওয়া কণ্টেইনাৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমান চালক , হেন্দিমান সহ ২ জনক বগৰীবাৰী আৰক্ষীয়ে আটক কৰি সোধ পোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বহিঃৰাজ্যৰ উন্নত জাতৰ দহটা চোৰাং গৰু আহি থকা অৱস্থাতে বগৰীবাৰী মহকুমা আৰক্ষী বিষয়া আৰক্ষীৰ দল এটাই গৰুসহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে , UP21-CN 5350 গাড়ীৰ নম্বৰৰ গাড়ীৰে বহিঃৰাজ্যৰ চোৰাং গৰু সৰবৰাকাৰী অভিযুক্ত দুগৰাকী হল উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ মহম্মদ হুছাইন আৰু মহম্মদ কমৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে , এই বহিঃৰাজ্যৰ চোৰাং গৰু সৰবৰাকাৰীৰ লগত আন কেইবা গৰাকী জড়িত থকা সন্দেহ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here