ফেচবুক হেকাৰ (Facebook Hacker)

    0
    40

    ফেচবুক হেকাৰ
    (Facebook Hacker)

    জাহাঙ্গীৰ আলম

    আজি কালি প্ৰায়ে হেকাৰে ফেচবুক হেক কৰা দেখা যায় আৰু ইয়াৰ কিছুমান কাৰণ আছে ৷ কাৰণ সমূহ হৈছে যে , কিছুমান যুৱক যুৱতীৰ ক্ষেত্ৰত ফেচবুকত নিজৰ দৈনন্দিন জীৱনৰ তথ্য আপলোড দিয়া দেখা যায় , যেনে মই এতিয়া অফিচলৈ ওলাইছোঁ আৰু আবেলি চাৰিটা বজাত অফিচৰ পৰা উভতি আহোতে পিজ্জা হাউছ গৈ বন্ধু সকলোৰ সতে পাৰ্টি কৰিম ৷ (২) কোনোবাই নতুনকৈ চাকৰি পালে তেওঁ নিজৰ ব্যক্তিগত তথ্য ফেচবুকত আপলোড কৰে বা নিজৰ জইনিং লেটাৰ আপলোড কৰে ৷ ফেচবুকত অদৰকাৰী পোষ্ট কৰা ৷ কিছুমান হেকাৰে কিছুমান ব্যক্তিগত নিৰ্মিত লিংক দিয়ে আৰু সেইবোৰ খুলি নিজৰ তথ্য পুৰণ কৰিলেই সিহঁতে সম্পূৰ্ণ তথ্য পাই যায় ৷ ভুৱা ফেচবুক একাউণ্ট ব্যৱহাৰ কৰা বা সুন্দৰী ছোৱালীৰ প্ৰফাইল ফটো ব্যৱহাৰ কৰা আৰু প্ৰফাইল locked থকা ফেচবুকৰ পৰা বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ৷ আজি কালি ফেচবুক হেকাৰে মেছেঞ্জাৰত নিজৰ বন্ধু বুলি পৰিচয় দি টকা দাবী কৰা বহু ঘটনা পোহৰলৈ আহিছে ৷ ফেচবুক প্ৰফাইলত নিজৰ বিষয়ে বিতংকৈ তথ্য দিয়াটো ঠিক নহয় ৷ কিছুমান হেকাৰে ভুৱা ফেচবুক বনাই ধুনীয়া গাভৰু ছোৱালীৰ ফটো প্ৰফাইলত দি যুৱক সকলক আকৰ্ষণ কৰি তেওঁলোকৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰে ৷ কিছুমান যুৱক যুৱতীয়ে ৰেল ষ্টেচন বাছ ষ্টেচন বিমানবন্দৰৰ বৰ্তমানৰ আগমণ প্ৰস্থানৰ খবৰ ফেচবুকত আপলোড দিয়ে ৷ ফেচবুকত যিকোনো পোষ্ট কৰি বৰ্তমানৰ ঠাইৰ নাম উল্লেখ কৰাটো ঠিক নহয় ৷ উপৰোক্ত কাৰণবোৰৰ বাবেই ফেচবুক হেক হয় বা কোনোবাৰ লগত যে বিভিন্ন স্থানত কিবা ঘটনা হয় , এইবোৰই হল তাৰ কাৰণ ৷ আজি কালি উন্নত ধৰণৰ কাৰিকৰীৰ যুগ ৷ সামান্য সূক্ষ্ম এক নিজৰ ভুলৰ বাবেই বিপদ হব পাৰে ৷ ফেচবুকত দৈনন্দিন জীৱনৰ গতিবিধি অলপ সুৰক্ষিত ভাবে কৰিলেই এই ঘটনা কমিব । অন্যথা নিজৰ ভৰিত নিজেই কুঠাৰ মৰা হব ৷ ফেচবুক হল এক উন্নত ধৰণৰ যোগাযোগৰ ব্যৱস্থা আৰু ই হল এক মুকলি মঞ্চ সেই বুলিয়েই যি ইচ্ছা সেয়ে কৰিব এয়া ঠিক নহয় ৷ ফেচবুক ব্যৱহাৰ কৰিবলৈ হলে ফেচবুক প্ৰফাইলত স্পষ্ট ফটো থাকিব লাগে আৰু বন্ধুত্বও তেনে বন্ধুৰ পৰা গ্ৰহণ কৰিব লাগে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here