বটদ্ৰৱাত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ অধিৱেশন

    0
    45

    বটদ্ৰৱাত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ অধিৱেশন
    দুৰ্নীতিৰ দৰ্পণ সেৱা , নজৰুল ইছলাম , বটদ্ৰৱা , ১৯ মাৰ্চ : অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাৰ ৫১ তম বাৰ্ষিক অধিৱেশন ধিং শাখাৰ সহযোগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত হয় । এই উপলক্ষ্যে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ সভাপতি চাহান আলীয়ে । শ্বহীদ তৰ্পন কৰে ধিং বিদ্যুত উপ সংমণ্ডলৰ উপ সংমণ্ডল বিষয়া অৰ্ণৱজ্যোতি সন্দিকৈয়ে । বৃক্ষৰোপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি পদুম কলিতাই । বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত মুকলি অধিৱেশন উদ্বোধন কৰে বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই । স্মৃতিগ্ৰন্থ উন্মোচন কৰে খাগৰিজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ জোনাৰাম নাথে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এ পি ডি চি এলৰ বিজুলী ভৱন গুৱাহাটীৰ মুখ্য মহাপ্ৰবন্ধক মনিষ দাস , বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা , ধিং শতদল শাখা সাহিত্য সভাৰ সভাপতি মৃগাঙ্ক বৰা,প্ৰাক্তন ছাত্ৰ নেতা ৰুদ্ৰ শইকীয়া,সমাজকৰ্মী বিমল দাস , প্ৰমোদ দাস আহ্বায়ক সমন্বয় ৰক্ষী সমিতি , গুৱাহাটী আৰু আসাম ষ্টেট ইলেকটিচিটি চাপ্লাই ওৱৰ্কাৰ্ছ ইউনিয়নৰ সাধাৰণ সম্পাদক নয়ন চক্ৰবৰ্তী…প্ৰমুখ্যে কেইবাজনো বক্তাই ভাষণ ৰাখে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here