বটদ্ৰৱা, আলিটাঙনীত “বৰষুণৰ পানী সংৰক্ষণ” শীৰ্ষক সজাগতা সভা সম্পন্ন

    0
    93

    বটদ্ৰৱা, আলিটাঙনীত “বৰষুণৰ পানী সংৰক্ষণ” শীৰ্ষক সজাগতা সভা সম্পন্ন


    দুৰ্নীতিৰ দৰ্পণ সেৱা, ইমামুল ইছলাম, ডুমডুমীয়া , ১৮ ফেব্ৰুৱাৰীঃ নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদোগত জলসম্পদ বিভাগৰ সহয়োগত “বৰষুণৰ পানী সংৰক্ষণ” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয়। বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়ত আৰু জুৰীয়া উন্নয়ন খণ্ডৰ আলিটাঙনী আদর্শ জাতীয় বিদ্যালয়ত আজি বিষয়বস্তুৰ ওপৰত সজাগতাৰ লগতে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।নগাঁও নেহৰু যুব কেন্দ্ৰ ৰ গাননিক বিষয়া ইকবাল বাহাৰ চৌধুৰী, সমল ব্যক্তি আবু চাদিক কবিৰে বৰষুণৰ পানী সংৰক্ষণ ৰ ওপৰত বক্তব্য প্ৰদান কৰে।প্ৰতিযোগিতা সমূহ পৰিচালনা কৰে বটদ্ৰৱা মহাবিদ্যালয়ৰ অধ্যাপক শ্বৰিফুল ইছলামে।শেষত ছাত্র ছাত্রীৰ মাজত শপত বাক্য পাঠ কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here