বটদ্ৰৱা থানত লক্ষ লক্ষ ভক্ত-বৈষ্ণৱে উদুলি মুদুলিৰে গোঁসাই ফুৰোঁৱা উৎসৱ সম্পন্নঃ বৰ্নাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমাহাৰেৰে হৰি নামৰ অমল ধ্বনিৰে গোঁসাইৰ দৌললৈ যাত্রা

    0
    47

    বটদ্ৰৱা থানত লক্ষ লক্ষ ভক্ত-বৈষ্ণৱে উদুলি মুদুলিৰে গোঁসাই ফুৰোঁৱা উৎসৱ সম্পন্নঃ বৰ্নাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমাহাৰেৰে হৰি নামৰ অমল ধ্বনিৰে গোঁসাইৰ দৌললৈ যাত্রা

    দুৰ্নীতিৰ দৰ্পণ সেৱা, ডুমডুমীয়া , ইমামুল ইছলাম , ৩০ মাৰ্চ : বটদ্ৰৱাত মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘৰৰ দক্ষিনে সাত বৈকুন্ঠৰ শক্তি স্থাপনৰ উদেশ্যে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌলৰ ভেটি বন্ধাইছিল । শংকৰ গুৰুজনাই তাৰাৰ জন্মস্থান বটদ্ৰৱা আলিপুখুৰীতি মাঘৰ পূৰ্ণিমাত চিহ্নযাত্ৰা ভাওনা কৰি ফাল্গু পূৰ্ণিমাত এই দৌলতেই পোন প্রথম বাৰৰ বাবে ফাল্গু উৎসৱ অৰ্থাৎ ৰঙৰ উৎসৱ ফাকুৱা পাতি গোবিন্দ গোসাঁই মুৰত ফাকু দি অনুপম আনন্দদায়ক ফল্গুৎসৱৰ পাতনি মেলিছিল । তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সাৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রতি বছৰে বটদ্রৱাত মহাআড়ম্বৰপূৰ্ণ ভাবে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয় । এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে ২৭ মাৰ্চৰ পৰা পাঁচ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ । আজি পুৱা ৪.৩০ বজাত তাল কোবোৱা , মঞ্জিৰা নাম , ৮ বজাত আইসকলৰ নাম প্ৰসঙ্গ,১১ বজাত খোল প্ৰসঙ্গ,ডেৰপৰীয়া নাম প্ৰসঙ্গ আদি থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসবৰ মূল আৰ্কষন গোসাঁই ফুৰোৱা উৎসৱ । কালি আবেলি ২ বজাত গায়ন বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, ৰচক তালৰ “বাইৰ হুয়া দেখো সই, এ সুন্দৰ নন্দেৰ বালা”-শীষক গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোসাঁইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত, ধুলীয়া, কালিয়া, ছত্ৰ, দণ্ড, চক্ৰ, ভেৰু, কালি, গোঁ-মুখ, শংখৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নাম, আয়তী-নামতী, তিৱা, বড়ো, নেপালী, চাহ ,কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ বৰ্নাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে । দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে । শিশু বৃদ্ধ সকলোৱে আনন্দত আত্মহাৰা হৈ কৃষ্ণ নামৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা ধামৰ আকাশ বতাহ মুখৰিত কৰি তোলে । পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ অন্তৰ্গত সৰুহিছা , বৰহিছা,বৰভেটি গাঁও পদক্ষিন কৰোৱা হয় । পদক্ষিন কালত গোসাঁইক প্ৰতিঘৰ গৃহস্থই নিজ পদুলিত ধূপ, ধূনা, অৰিহণাৰে বছৰটোৰ বাবে সেৱা আগবঢ়াই আৰু সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দিয়ে । শেষত আকাশী গংগাৰ তীৰেৰে গোসাঁইক পুনৰ কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা সময়ত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা সামৰণি মৰা হয় । আনহাতে , যোৱাকালিও পৰম্পৰাগত ভাবে অগনন ভক্ত-বৈষ্ণৱৰ উপস্থিতিত গায়ন বায়নে গুৰুঘাট, চাহিনী, ন-ধেমালি গাই ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ সমাপন কৰে । যোৱা নিশা ৮ বজাৰ পৰা আকাশী গংগাৰ তীৰৰ আই খেৰসূঁতি সাংস্কৃতিক মঞ্চত অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নৰোৱা সত্ৰৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি দৌল মহোৎসৱৰ স্মৰনিকা “দৌল “উন্মোচন কৰে থান পৰিচালনা সমিতিৰ উপসভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই । থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁত ধৰা সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে গুৰুজনাৰ জন্মস্থানৰ দৌল মহোৎসৱ সম্প্ৰতি জাতীয় ঐতিহ্যৰ মিলনৰ মহাকেন্দ্ৰলৈ পৰ্যবসিত হৈছে বুলি নিজৰ বক্তব্যত উল্লেখ কৰে । দৌল উৎসৱত সমবেত লক্ষ লক্ষ ভক্ত বৈষ্ণৱে এক মন এক চিত্তে কৃষ্ণ ভক্তিত বিলীন হোৱাৰ দৃশ্যৰাজিয়ে গুৰুজনাৰ অস্তিত্ব যে আমাৰ মাজত চিৰন্তন কাললৈ প্ৰবাহিত হৈ থাকিব , সেই কথা বটদ্ৰৱাৰ দৌল মহোৎসৱে প্ৰমাণ কৰে বুলিও অসম নাট্য সন্মিলনৰ সভাপতি গৰাকীয়ে গভীৰ তাৎপৰ্য পূৰ্ণ বক্তব্য ৰাখে । সাংস্কৃতিক অনুষ্ঠানত ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী, বিশিষ্টা সাংবাদিক স্নিগ্ধাশিখা বৰা নগাওঁ জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন অনুষ্টানত উপস্থিত থাকে । দৌল উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি নিজৰ ভাষণত বটদ্রৱাৰ দৌল উৎসবত অংশ গ্রহন কৰি অৰ্পূব আনন্দ লাভ কৰা কথা ব্যক্ত কৰে ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীয়ে । অসম সাহিত্য সভাৰ প্ৰধাণ সম্পাদক গৰাকীয়ে কয় যে , গুৰুজনাৰ জন্মস্থানৰ এই আদৰ্শ সমগ্ৰ অসমবাসীয়ে অনুকৰণ কৰক । সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি নিজৰ ভাষণত সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীয়ে কয় যে , দৌল উৎসৱত উপস্থিত হৈ নিজকে ধন্য মনাৰ লগতে সাম্প্রতিক সময়ত গুৰুজনাৰ জন্মধামৰ সাংস্কৃতিক প্ৰমূল্যবোধৰ ওপৰত আলোকপাত কৰাৰ লগতে ভাঙোনমুখি অসমীয়া সমাজখন বান্ধি ৰাখিবৰ বাবে কৃষ্ণ ভক্তিত বিলীন হোৱা বটদ্ৰৱা দৌল মহোৎসৱ আৰ্দশ হওঁক বুলি উল্লেখ কৰে । অনুষ্ঠানত উদ্বোধক তথা বিশিষ্ট অতিথি সকলক থান পৰিচালনা সমিতিৰ তৰফৰ পৰা শৰাই, গামোছা, চেলেং, থান বৰ্ণনাৰ গীত, কঠ আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । এই সাংস্কৃতিক অনুষ্ঠানতে বৰগীত, সত্রীয়া নৃত্য, দিহানাম, হোলীগীত , ভোৰতাল নৃত্য , লগতে প্ৰগতি নাট্য সমাজ ধিঙৰ ব্যবস্থাপনাত শিল্পীৰ দলে পৰিবেশন কৰা ” কেলিগোপাল ” নাটে ওৰে নিশা হেজাৰ হেজাৰ ৰাইজক মন্ত্রমুগ্ধ কৰি ৰাখে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here