বনুৱা সন্থা অসমৰ উদ্যোগত প্রতিবন্ধী সকলৰ সজাগতা সভা

    0
    96

    বনুৱা সন্থা অসমৰ উদ্যোগত প্রতিবন্ধী সকলৰ সজাগতা সভা
    পুলিন কাকতি , ভূৰবন্ধা , ১৪ মাৰ্চ : অসমৰ এটি আগশাৰী স্বেচ্ছাসেৱী সংগঠন বনুৱা সন্থা ,অসমৰ 14 মার্চত মৰিগাওঁ সিধাবাৰী অৱস্থিত বনুৱা সন্থা ,অসমৰ মুখ্য কার্য্যালয়ত দিনযোৱা কার্য্যসুর্চীৰে প্রতিস্থা দিৱস আয়োজন কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রতিবন্ধী , বিকলাংগ সকলক লগত লৈ এটি সজাগতা সভাও আয়োজন কৰে। পুৱা ৮ বজাত পতাকা উত্তোলন কৰে বনুৱা সন্থা স্থায়ী সভাপতি ক্ষীৰুদ নাথ ,

    পুৱা ৯ বজাত বন্তি প্রজ্বলন কৰে মৰিগাওঁ জিলা বিশিষ্ট সমাজসেৱক লেলিন ডেকা , পুৱা ১০ বজাত শ্বহীদ তর্পন কৰে হিন্দু জাগৰণ উতপল নাথ । পুৱা ১০.৩০ বজাত বৃক্ষ ৰোপন কৰে সিধাবাৰী গাওঁ উন্নয়ন সমিতি সভাপতি বিৰেন শইকীয়া , সম্পাদক জিতেন চন্দ্র নাথে । দিনৰ ১২ বজাত সজাগতা সভা ও মুকলি সভা আয়োজন কৰে । সজাগতা সভা ও মুকলি সভা প্রাক্তন মুখ্য কায্যবাহী সদস্য পৱন মান্তা উদ্ধোধন কৰে । উক্ত সজাগতা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী জি এম চিৰ চি আৰ চি সুনীল কুমাৰ ৰায় ,সজাগতা ভাষণ আগৱঢ়ায় বিশিষ্ট বিকলাংগ সকলৰ শিক্ষাবিদ মৃদুস্মিতা দেৱী । প্রতিবন্ধী বিকলাংগ সকলক লৱ লগা সজাগ আৰু চৰকাৰী পাৱ লগা কিছু আৰ্চনি আৰু শিক্ষা দিক্ষা , বিকলাংগ হোৱা দেখা দিয়া লক্ষন সমুহৰ কথা আগবঢ়ায় বিশেষ শিক্ষক দুপ্লে কুমাৰ নাথে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here