বিজেপিৰ হাণ্ডেড প্লাচৰ সপোন সপোনহৈয়ে ৰ’ব , এইবাৰ সকলোতে মাইনাচঃ হাগ্ৰামা মহিলাৰী

0
34

বিজেপিৰ হাণ্ডেড প্লাচৰ সপোন সপোনহৈয়ে ৰ’ব , এইবাৰ সকলোতে মাইনাচঃ হাগ্ৰামা মহিলাৰী

এইবাৰ বিজেপি অপশাসনৰ অন্ত পৰিব , খুমটাইৰ ৰাঙলীটিঙত প্ৰদ্যুৎ বৰদলৈ
দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ২৪ মাৰ্চঃ ৰাজ্যখনত বিজেপিৰ অপশাসনত ৰাইজ অতীষ্ঠ হৈছে । অগপ বিজেপি মিত্ৰজোটৰ বিৰুদ্ধে এতিয়া সৰ্বস্তৰৰ ৰাইজ স্বতস্ফুটভাৱে ওলাই আহিছে । এইবাৰ অসমত কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ চৰকাৰ হোৱাটো নিশ্চিত হৈ দেখা দিছে । এই মন্তব্য প্ৰাক্তন কংগ্ৰেছমন্ত্ৰী তথা নগাওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । খুমটাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিস্মিতা গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাঙলীটিং বাগিচা খেলপথাৰত এখন জনাকীৰ্ণ সভাত ভাষণ দি বৰদলৈয়ে শাসকীয় বিজেপিদলক তীব্র সমালোচনা কৰে আৰু দলৰ পাঁচটা গেৰান্টিৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ চৰকাৰ আহি আছে বুলি ব্যক্ত কৰে । বিস্মিতা গগৈ এইবাৰ কেবিনেট মন্ত্ৰী হ’ব বুলি ব্যক্ত কৰি তেও খুমটাইৰ বিজেপি বিধায়কজনে পৰাজয়ৰ আগজাননী পাইয়ে সমষ্টি টোত গুন্দাৰাজ , তথা সন্ত্ৰাস চলোৱাৰ অভিযোগ তোলে । জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুং আৰু নৰ্থ ব্লক কংগ্ৰেছৰ সম্পাদক লাচিত বৰাই আঁতধৰা সভাত বিপিএফৰ মূৰবী হাগ্ৰামা মহিলাৰীয়ে ভাষণ দি বিজেপিক তুলাধুনা দি কয় যে , বিজেপি এজিপিয়ে হানণ্ডেড প্লাচ ক’ত দেখিছে । তেওলোকৰ এইবাৰ সকলোফালেই মাইনাচ । অসমৰ ৰাইজে সকলো সমষ্টিতে এইবাৰ কংগ্ৰেছ মহাজোটৰ সপক্ষে ওলাই আহিছে । বিজেপিক অসমৰ পৰা বাহিৰ কৰি দিবলৈ সংকল্প লৈছে । দলটোৰ সভাপতি ৰঞ্জিত দাসে নিজসমষ্টি এৰি পাটাছাৰকুচিলৈ পলাব লগা হৈছে । ইপিনে , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰসংগত তেওঁ কয় যে , হাগ্ৰামা লগত থাকোতেহে হিমন্ত হিৰো । এতিয়া হিমন্ত জিৰো । প্ৰথম পয্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ টুৱেন্টি প্লাচ হ’ব ।বিজেপিৰ টুৱেন্টি মাইনাচ । স্বভাবসুলভ ভংগীমাৰে দিয়া ভাষণত তেও বিজেপি, আৰ এচ এচেহে গৰু মাংসৰ বেপাৰ কৰাৰ অভিযোগ তুলি কয় যে , প্ৰধান মন্ত্ৰী মোদীয়ে মহাপুৰুষ জনক বৃটিছৰ লগত যুদ্ধত মৰা বুলি কয় । অমৃত শ্বাহে অসমত আন্দোলন,সন্ত্ৰাসবাদ নাই বুলি কয় , এইবোৰ কাৰণতে তেও বিজেপিৰ লগ এৰা বুলি মন্তব্য কৰি ৰাইজক উন্নয়নৰ স্বাৰ্থক কংগ্ৰেছক ভোট দিবলৈ আহবান জনায় । প্ৰাৰ্থী বিস্মিতা গগৈয়ে আদৰণি ভাষণ দি ৰাইজৰ আশীৰ্বাদ বিচৰা সভাত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক তথা মুখপাত্ৰ মুকুল বাচনিকেও ভাষণ দিয়ে । বিজেপিৰ মিছা প্ৰতিশ্ৰুতিত ভোল নেযাবলৈ ৰাইজক আহবান জনাই তেও কংগ্ৰেছৰ পাচটা গেৰান্টি আখৰে আখৰে পালন কৰা হ’ব বুলি ব্যক্ত কৰে । বিজেপিয়ে একৈশ লাখ নিবনুৱাক চাকৰি দিম বুলি কৰা প্ৰবঞ্চনা , চাহ শ্ৰমিকক কৰা প্ৰবঞ্চনাৰ প্ৰসংগ উল্লেখ কৰি তেও কংগ্ৰেছ শাসনলৈ আহিলে নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক গুৰুত্ব দিয়াৰ আশ্বাস দি যায় ।নিদিষ্ট সময়তকে দুঘন্টা পলমকৈ হেলিকপ্তাৰেৰে অহা কংগ্ৰেছ নেতা সকলৰ এই সভাত কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here