বিটিচি নিৰ্বাচন আৰু জমিয়ত উলামাৰ ভূমিকা

0
404
বিটিচি নিৰ্বাচন আৰু জমিয়ত উলামাৰ ভূমিকা
জমিৰ উদ্দিন তালুকদাৰ
অসমৰ প্ৰভাৱশালী সংখ্যালঘু নেতা তথা অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আনফৰ নেতৃত্বাধীন জমিয়ত উলামাই গ্ৰহণ কৰা এক ৰাজনৈতিক সিদ্ধান্তক কেন্দ্ৰ কৰি বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে ৷ ৰাজনীতিত তেনে বিতৰ্ক মুঠেই স্বাভাৱিক ৷ বহুতে অভিযোগ কৰিছে যে জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰে জমিয়তক লৈ ৰাজনীতি কৰিছে বা জমিয়তক ৰাজনীতিকীকৰণ কৰিছে ৷ সেই কথাবোৰৰ এক বিশ্লেষণ জৰুৰী ৷ ইয়াতে এটা কথা কোৱা ভাল হ’ব যে, জমিয়ত কোনো দিনে ৰাজনীতিৰ ঊৰ্ধত নাছিল ৷ স্বাধীনতাৰ পিছতে জমিয়ত উলামাৰ বহু শীৰ্ষ নেতাই জমিয়ত উলামাৰ বিভিন্ন পদবীক থাকিও প্ৰত্যক্ষভাৱে ৰাজনীতি কৰিছিল ৷ সেই পৰম্পৰা আজিও আছে ৷ জমিয়ত উলামাই সময়ে সময়ে কংগ্ৰেছক সমৰ্থন কৰি আহিছিল ৷ পৰৱৰ্তী পৰিস্থিতিগত ৰাজনৈতিক তাগিদাত অইন আঞ্চলিক দলকো সমৰ্থন দিছে ৷ জমিয়ত উলামাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মৌলানা হিফজুৰ ৰহমান চাহাব আমৰুহাৰ পৰা দুবাৰকৈ সাংসদ হৈছিল ৷ মৌলানা আচাদ মদনী চাহাব জমিয়তৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসনত থাকি কংগ্ৰেছৰ পৰা সাংসদ হৈছিল ৷ আচাদ মদনী চাহাব ১১ আগষ্ট ১৯৭৩ চনত জমিয়ত উলামাৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হৈছিল আৰু আমৃত্যু তেওঁ জমিয়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তাৰ মাজতে তেওঁ তিনিটা কাৰ্যকালৰ বাবে দেশৰ উচ্চ সদনক প্ৰতিনিধিত্ব কৰিছিল ৷ প্ৰথমে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৭৪ চনলৈ, দ্বিতীয় বাৰ ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ আৰু তৃতীয়বাৰ ১৯৮৮ চনৰ পৰা ১৯৯৪ চনলৈ ৰাজ্যসভাত কংগ্ৰেছ দলৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিল ৷ আচাদ মদনী চাহাবৰ পুত্ৰ মৌলানা মেহমুদ মদনীও সাংসদ হৈছিল ৷ তেওঁ অজিত সিঙৰ ৰাষ্ট্ৰীয় লোক দলৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিল ৷ ঠিক একেদৰে অসমতো জমিয়ত উলামাই প্ৰত্যক্ষভাৱে ৰাজনৈতিক দলক সমৰ্থন কৰি আহিছে ৷ কাষৰীয়া ৰাজ্য পশ্চিম বংগত জমিয়তৰ ৰাজ্যিক সভাপতি জন নিজে মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত ৷ অসমত অগপৰ প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰখনক সমৰ্থন কৰিছিল জমিয়তে ৷ হিতেশ্বৰ শইকীয়া চৰকাৰকো সমৰ্থন কৰিছিল ৷ সেই সমৰ্থনৰ বিনিময়ত অসমৰ মুছলমানে কি পাইছিল আৰু সেই সময়ছোৱাত জমিয়ত উলামাৰ শীৰ্ষ আসনত থকা এজন পুঁজিপতি নেতাই কত কত নিজৰ নামত আৰু কত কত নিজৰ সংস্থাৰ নামত কিমান বিঘা চৰকাৰী মাটি আবন্টন কৰাই লৈছিল, খবৰ ললেই পাব ৷ এই কামবোৰ কৰোতে হজৰত পীৰ শ্বেখ আহমদ আলী বাঁছকান্দি চাহাবক সম্পূৰ্ণ অন্ধকাৰত ৰখা হৈছিল ৷ পৰৱৰ্তী ২০০৫ চনত জমিয়ত উলামা সহ অসমৰ এক ডজনৰো অধিক সংখ্যালঘু সংগঠনৰ বেনাৰত এটা ৰাজনৈতিক দল গঠন হল, সেই দলটোৰ মুখীয়া জন আকৌ ৰাজ্যিক জমিয়তৰ মুখীয়া ৷ যিটো ৰাজনৈতিক দল গঠন হল, সেই দলটোৰ লগত আজিৰ দিনত অসমৰ কিমানটা সংখ্যালঘু সংগঠন আছে, সেই হিচাপটো ৰাজনৈতিক দলটোৰ মুখীয়া জনে কব পাৰিব ৷ সংখ্যালঘুৰ দৰদ দেখুৱাই ঘৰিয়ালৰ চকু পানী ঢুকা নেতা জনে সংখ্যালঘুৰ কি উন্নতি কৰিলে, নাজানো, কিন্তু সংখ্যালঘুৰ নামত খোলা দলটোৰ পৰা তেওঁ নিজে বিধায়ক-সাংসদ হল, ভাতৃক বিধায়ক-সাংসদ পাতিলে, দুই পুত্ৰকো বিধায়ক বনালে ৷ এটা পৰিয়ালৰ পৰা চাৰিজন ভাই-ককাই সাংসদ-বিধায়ক হোৱাটোৱেই অসমৰ মুছলমানৰ সমস্যা মুক্তি আছিল ! আৰু নিৰ্বাচনৰ সময়ত দলটোৰ টিকট বিক্ৰীৰ নামত এখন বজাৰ খোলা যদি অসমৰ মুছলমানৰ উন্নতি হয়, তেন্তে কব লাগিব আজিৰ দিনত অসমৰ মুছলমানৰ কোনো সমস্যা নাই ৷
          অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আনফৰ চাহাবে সৰ্বভাৰতীয় জমিয়তৰ সভাপতি মৌলানা আৰ্শ্বাদ মদনী চাহাবৰ নিৰ্দেশত অসম জমিয়তে সমাগত বিটিচি নিৰ্বাচনত বিপিএফ দলক চৰ্ত সাপেক্ষে সমৰ্থন দিয়াৰ কথা কৈছে ৷ এই কথাত অসম জমিয়তৰ ঔৰসত জন্ম লাভ কৰা এটা ৰাজনৈতিক দলৰ কৰ্মীসকলে আনটো জমিয়তৰ বিপক্ষে অপপ্ৰচাৰত লিপ্ত হৈছে ৷ সেই সকলৰ অভিযোগ হল, জমিয়তক লৈ মস্তাক আনফৰ চাহাবে ৰাজনীতি কৰিছে ৷ মস্তাক আনফৰ নেতৃত্বাধীন জমিয়তে যিটো ৰাজনৈতিক দলক বিটিচি নিৰ্বাচনত সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে, সেই দলটো ৰাজ্য চৰকাৰত বিজেপিৰ মিত্ৰ দল ৷ পিছে, মস্তাক আনফৰ নেতৃত্বাধীন জমিয়তক সমালোচনা কৰা সকলে, নিজৰ ৰাজনৈতিক দলটোৰ মুখীয়াৰ চৰিত্ৰ সম্পৰ্কেও প্ৰশ্ন কৰিব লাগিছিল ৷ তেওঁ পূৰ্বে কেবাবাৰো বিজেপিক সমৰ্থন কৰি থৈছে ৷ ২০১০ চনৰ ৰাজ্যসভা নিৰ্বাচনত বিজেপি-অগপ-এআইইউডিএফ সমৰ্থিত প্ৰাৰ্থী সাদিন-প্ৰতিদিন কাকতৰ মালিক জয়ন্ত বৰুৱাক সমৰ্থন কৰিছিল ৷ তেতিয়া সেই সকলে কিন্তু বদৰুদ্দিন আজমলৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা নাছিল ৷ ২০১৪ চনৰ ৰাজ্যসভা নিৰ্বাচনত সাংবাদিক হায়দৰ হুছেইনো আছিল বিজেপি-অগপ-এআইইউডিএফৰ সমৰ্থিত প্ৰাৰ্থী ৷ সেই নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থীক মুকলি সমৰ্থন জনাইছিল বা বিজেপিসহ বিৰোধী ঐক্যত আছিল এআইইউডিএফ ৷ আজি মস্তাক আনফৰক সমালোচনা কৰা সকলে তেতিয়া হুজুৰৰ সেই সিদ্ধান্তৰ কিয় বিৰোধ কৰা নাছিল ? হুজুৰে কৰিলে ঠিকেই আছে, আনে কৰিলে ৰাজনীতিকীকৰণ ? এয়া এক ৰাজনৈতিক দুমুখীয়া স্থিতি নহয়নে ?
          বিটিচি নিৰ্বাচনত জমিয়তে নিজৰ অৰাজনৈতিক স্থিতি অক্ষুন্ন ৰাখি বিপিএফক সমৰ্থন জনোৱা কাৰ্য আদৰণীয় ৷ বিটিচিত স্থায়ী শান্তিৰ বাবে বিপিএফক সমৰ্থন জনোৱা বিষয়টো খুবেই আদৰণীয় বিষয় ৷ বিটিচিত বহু কেইটা সংঘাত-সংঘৰ্ষ হৈছে ৷ সেই গোটেইবোৰ সংঘাতৰ প্ৰেক্ষাপট প্ৰায়েই একে ৷ এক অবিশ্বাস আৰু সংশয়ৰ দোমোজাত থকা মুছলমান সকলক ৰাজনৈতিক আশ্ৰয় প্ৰয়োজন ৷ তাত একেবাৰে নিশকতীয়া হৈ পৰা কংগ্ৰেছে এই কাম কৰিব নোৱাৰে ৷ কংগ্ৰেছৰ শাসন কালতেই তাত বহু কেইটা সংঘাত হৈ গৈছে ইতিমধ্যে ৷ সেয়ে তাত থকা মুছলমানৰ লগতে অবড়ো সম্প্ৰদায়ৰ লোকসকল স্থায়ী শান্তিত থাকিব পাৰে, তাৰ বাবে বিপিএফক সমৰ্থন জনোৱা বিষয়টো এক শুদ্ধ ৰাজনৈতিক চিন্তা ৷ জমিয়ত যে কোনো বিশেষ ৰাজনৈতিক দলৰ অন্ধ সমৰ্থক নহয়, সেই কথা জমিয়তে পলমকৈ হলেও প্ৰমাণ কৰি দেখুৱালে ৷ ঠিক একেদৰে অসমৰ মুছলমানেও নিজকে তথাকথিত সংখ্যালঘু দৰদী দলবোৰৰ পৰাও মুক্ত হোৱাৰ সময় ৷ অসমৰ মুছলমানক সন্দেহৰ আওতাৰ পৰা আঁতৰোৱাৰ উপযুক্ত সময় এয়া ৷ ৰাজ্যখনত এক সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ অসমৰ মুছলমান সমাজ সংখ্যাগুৰু সমাজৰ আস্থাভাজন হব লাগিব ৷ সংখ্যালঘুৱে সংখ্যালঘুক অভিভাৱক নাপাতি সংখ্যাগুৰুক অভিভাৱক পাতক ৷ এই কাম জমিয়তে কৰক ৷ জমিয়ত উলামাই অসমৰ প্ৰতিটো খিলঞ্জীয়া সংগঠনৰ সৈতে আলোচনাত বহক ৷ সংখ্যালঘু আৰু সংখ্যাগুৰু বুলি থকা ধাৰণাক আঁতৰাই অসমীয়াত্বত বিলীন হোৱাৰ সময় এয়া ৷ পৃথক ধৰ্মীয় পৰিচয় লৈ কৰা ৰাজনীতিয়ে অসমৰ মুছলমানক ক্ষতি কৰিব ৷ ইতিমধ্যে বহু ক্ষতি হৈ গল ৷ তাৰ বাবে দায়ী কিন্তু সেই যে এক ডজন সংখ্যালঘু দল, যিসকলে মুছলমানৰ নাম লৈ ৰাজনৈতিক দল গঠন কৰিছিল ৷ সেই ঠিকাদাৰজনক মুকলিভাৱে জবাবদিহি কৰাৰ সময় এয়া ৷