বিদ্যুৎ সংযোগ নথকা ভোটগ্ৰহণ কেন্দ্ৰত জেনেৰেট’ৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ বৰপেটা উপায়ুক্তৰ , নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

    2
    94

    বিদ্যুৎ সংযোগ নথকা ভোটগ্ৰহণ কেন্দ্ৰত জেনেৰেট’ৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ বৰপেটা উপায়ুক্তৰ , নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন


    দুৰ্নীতিৰ দৰ্পণ সেৱা,বৰপেটা,২১ মার্চ : বৰপেটা জিলাৰ যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰত বিদ্যুত যোগানৰ ব্যৱস্থা এতিয়ালৈ হৈ উঠা নাই , সেইবোৰত তাৎক্ষণিকভাৱে সৌৰ চালিত বিদ্যুৎ অথবা জেনেৰেট’ৰৰ ব্যৱস্থা কৰিবলৈ সমষ্টি দণ্ডাধীশ হিচাপে নিযুক্তি দিয়া চক্ৰ বিষয়া সকলক জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই নিৰ্দেশ দিছে । আজি বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত বিধানসভা নিৰ্বাচনৰ বাবে নিয়োজিত জোনেল (মাণ্ডলিক) আৰু ছেক্টৰ (শাখা) বিষয়া সকলৰ দ্বিতীয় পৰ্যায়ৰ কৰ্মশালাত সভাপতিত্ব কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে,ভোট গ্ৰহণ বিয়লি ছয় বজাৰ পূৰ্বে সম্পূৰ্ণ নহ’লে কৃত্ৰিম পোহৰৰ আৱশ্যকতা আহি পৰিব । সেয়েহে সকলো ভোট গ্ৰহণ কেন্দ্ৰতে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্ত‌ই নিৰ্দেশ দিয়ে । সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাত জোনেল আৰু ছেক্টৰ বিষয়া সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে , তাৰ বাবে জোনেল আৰু ছেক্টৰ বিষয়া সকলে সকলো দিশ ভালদৰে অৱগত হ’ব লাগিব । উল্লেখযোগ্য যে , ইতিমধ্যে বিদ্যুৎ যোগানৰ ব্যৱস্থা নথকা কেন্দ্ৰসমূহ চিনাক্ত কৰি সেইবোৰত বিশেষভাৱে বিদ্যুৎ যোগানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও কিছুমান ভৌগোলিক সমস্যা আদিৰ বাবে কিছুসংখ্যক কেন্দ্ৰ বাদ পৰি ৰৈছে । সেয়েহে তেনে কেন্দ্ৰ সমূহত সৌৰ চালিত বিদ্যুৎ অথবা জেনেৰেটৰৰে আলোকিত কৰি ৰখাৰ বাবে উপায়ুক্ত‌ই আজিৰ সভাতে চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে । সভাখনত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস , জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়াৰ উপৰি অতিৰিক্ত উপায়ুক্তসকল আৰু চক্ৰ বিষয়া সকলো উপস্থিত থাকে । সভাৰ আতঁধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই । উল্লেখ্য যে , বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিক ২৮ টা মণ্ডল আৰু ১৫৭ টা শাখা বা ছেক্টৰত ভাগ কৰি জোনেল আৰু ছেক্টৰ বিষয়া নিয়োগ কৰা হৈছে । অঞ্চল বিশেষে ৫ ৰ পৰা ১০ টা ডোট গ্ৰহণ কেন্দ্ৰ তদাৰকীৰ দায়িত্বত এজন ছেক্টৰ বিষয়া নিয়োগ কৰা হৈছে।উল্লেখযোগ্য যে , বৰপেটা জিলাত এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৫৯৬ টালৈ বৃদ্ধি কৰা হৈছে । ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰো এতিয়ালৈকে দুবাৰকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । আজি জোলেল আৰু ছেক্টৰ বিষয়াৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ পিছতে সকলো বিষয়া-কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হল । ভোটগ্ৰহণৰ বাবে প্ৰায় ৭৫০০ জন পোলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে ।

    2 COMMENTS

    1. Greate pieces. Keep writing such kind of information on your site.
      Im really impressed by your blog.
      Hi there, You have done a great job. I will certainly digg it
      and personally recommend to my friends. I am sure they will be
      benefited from this website.

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here