বিশাল ৰেলীৰে বটদ্ৰৱা সমষ্টিত বিজেপি,কংগ্ৰেছ , জনতা দল , নিৰ্দলীয় , ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ মনোনয়ন দাখিল

    0
    60



    বিশাল ৰেলীৰে বটদ্ৰৱা সমষ্টিত বিজেপি,কংগ্ৰেছ , জনতা দল , নিৰ্দলীয় , ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ মনোনয়ন দাখিল

    দুৰ্নীতিৰ দৰ্পণ সেৱা,ইমামুল ইছলাম , ডুমডুমীয়া, ৯ মাৰ্চঃ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা বটদ্ৰৱা সমষ্টিৰ পৰা বিজেপিৰ আঙুৰলতা ডেকা,কংগ্ৰেছ তথা মিত্ৰজোটৰ প্ৰাৰ্থী শিবামনি বৰা, অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী অৰূপ কুমাৰ শইকীয়া,জনতা পাৰ্টীৰ ময়ূৰ মজুমদাৰ, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এ আই ইউ ডি এফৰ বণ্চিত প্ৰাৰ্থী মতিউৰ ৰহমানে আজি মনোনয়ন পত্ৰ দাখিল কৰে।ইপিনে ধিং সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ পৰা আমিনুল ইছলাম,অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী আনজাৰ হুছেইন, ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুকতাৰ,জন মৰ্চাৰ পৰা আধিবক্তা ছাইফুল ইছলাম, বিজেপিৰ প্ৰাৰ্থী সন্জীৱ কুমাৰ বৰা,জনতা পাৰ্টীৰ পৰা ৰৌচ উদ্দিনে নগাঁও জিলা উপাযুক্ত কাৰ্য্যলয়ত ৰিটৰ্ণিং বিষয়া ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। ৮৪ নং বটদ্ৰৱা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী অৰূপ কুমাৰ শইকীয়াই পুৱা বটদ্ৰৱা থানত সেৱা জনাই হেজাৰ হেজাৰ সমৰ্থকক লৈ নগাঁৱলৈ ৰাওনা হয়। বটদ্ৰৱা সমষ্টিৰ পৰা বিশাল ৰেলী কৰি যাত্ৰা আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত এজেপি দলৰ প্ৰাৰ্থী অৰূপ কুমাৰ শইকীয়াই সাংবাদিকৰ আগত এইবাৰৰ নিৰ্বাচনত জয়ী হৈ গুৰুজনাৰ জন্মস্থান ঐতিহ্যমণ্ডিত বটদ্ৰৱা সমষ্টিৰ যুৱ প্ৰজন্মক লগত লৈ আগবাঢ়ি যোৱা, বটদ্ৰবাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা আৰু নিবনুৱাৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here