বিশিষ্ট লেখক বিজু বৰিলৈ বাবা চাহেব ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা-২০২০

    0
    68

    বিশিষ্ট লেখক বিজু বৰিলৈ বাবা চাহেব ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা-২০২০
    দুৰ্নীতিৰ দৰ্পণ সেৱা , Hemanta Loying , মহুৰামুখ , ১ মাৰ্চ : গোলাঘাট জিলাৰ দেৰগাঁওস্হিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়টৰ প্ৰতিষ্ঠাপক কৰ্মচাৰী তথা বিশিষ্ট লেখক বিজু বৰিলৈ বাবা চাহেব ড°আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা-২০২০ আগবঢ়োৱা হয় । ভাৰতীয় দলিত সাহিত্য একাডেমিৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে । এজন যুৱ লেখক হিচাপে বৰিৰ লেখাসমূহত শাণিত যুক্তিনিষ্ঠ আৰু তথ্য নিৰ্ভৰ বস্তুনিষ্ঠ বিশ্লেষণেৰে সচেতন পাঠকৰ চিও আৰু চিন্তাক আলোড়িত কৰি আহিছে । প্ৰধানকৈ “অশান্ত অসম” আৰু ‘মাওবাদৰ ইতিহাস সংগ্ৰাম আৰু অন্যান্য’ নামৰ এই দুখন গ্ৰন্হই বিদ্বৎ মহলৰ দৃষ্টি কাহিবলৈ সক্ষম হৈছে । বিগত সময়ত অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰি আহিছে । বৰিয়ে শেহতীয়াকৈ লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ বাবে বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষিয়ে শুভেচ্ছা জনাইছে । সেই বঁটাটো ১৩/৩/২০২১ তাৰিখে দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰদান কৰিব । বৰিয়ে ইতিমধ্যে অশান্ত অসম প্ৰবন্ধ সংকলন ,মাওবাদৰ ইতিহাস সংগ্ৰাম আৰু অন্যান্য (প্ৰবন্ধ সংকলন), ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ কমলা মিৰি , সুদক্ষ শিক্ষা বিষয়া আমিনুল হক চৌধুৰীৰ আদৰ্শগত জীৱন আৰু সান্নিধ্য আদি প্ৰকাশ কৰাৰ উপৰিও”গিনমুৰ”কাৰ্পুম”সমন্বয়”গামোচা”বৰগছ” আদি স্মৃতিগ্ৰন্হ সম্পাদনা কৰিছে ৷ বৰিৰ বৰ্তমান প্ৰকাশৰ পথত থকা কেইখনমান গ্ৰন্থ হল “অৰণ্য মানৱ যাদৱ পায়েং” জীৱনী গ্ৰন্হ এক বিৰল ব্যক্তিত্ব আৰু “পণ্ডিত তৰুণচন্দ্ৰ পামেগাম ” জীৱনী গ্ৰন্থ“সাহিত্য সৌৰভ” প্ৰৱন্ধ সংকলন“ঝৰ্ণা”(গল্প সংকলন)“পদ্মশ্ৰী ইন্দিৰা মিৰি”জীৱনী গ্ৰন্থ আদি ৷ বৰিয়ে লিখামেলা কৰাৰ উপৰিও বহু কেইটা জাতীয় দল সংগঠনৰ গুৰু দায়িত্বৰো পালন কৰি আহিছে । ইতিমধ্যে বৰিয়ে ৰাজ্যিক পৰ্যায়ৰ হেমধৰ পাতিৰ স্মৃতি সাহিত্য বঁটা লাভ কৰিছে ৷ ড° আম্বেদকাৰ লাভ কৰিবলৈ সক্ষম হোৱা বৰিক তেওঁৰ জন্ম স্হান মহুৰামুখৰ বৰটিকাৰ লগতে সমগ্ৰ নৈপৰীয়া ৰাইজে আদৰণি জনাইছে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here