বিশিষ্ট সাহিত্যিক,সাংবাদিক তথা বুদ্ধিজীৱী পত্নী মাইনী মহন্তক লগত লৈ এজেপি প্ৰাৰ্থী বাণীকান্ত দাসৰ নিৰ্বাচনী চমক

    0
    50

    বিশিষ্ট সাহিত্যিক,সাংবাদিক তথা বুদ্ধিজীৱী পত্নী মাইনী মহন্তক লগত লৈ এজেপি প্ৰাৰ্থী বাণীকান্ত দাসৰ নিৰ্বাচনী চমক

    ৰাইজৰ ব্যাপক সহাঁৰিয়ে এজেপি প্ৰাৰ্থী বাণীকান্ত দাসক স্বাভিমানী যুঁজখনৰ বাৱে আৰু অধিক শক্তিশালী কৰি তুলিছেঃমাইনী মহন্ত

    সমষ্টিটোত শৈক্ষিক,অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক ভাৱে আগুৱাই নিয়াৰ বাবে দৃঢ় সংকল্পবদ্ধঃ বাণীকান্ত দাস

    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ মাৰ্চ : ৰাজ্যত বিধানসভা নিৰ্বাচনলৈ মথো মাজত কেইটামান দিন বাকী থকাৰ সময়তে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। তাৰ সমান্তৰালকৈ মৰিগাঁও জিলাত অহা এক এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত শাসক দলকে ধৰি কংগ্ৰেছৰ মহাজোঁটৰ লগতে এজেপি দলেও ধাৰাবাহিক ভাৱে নিৰ্বাচনী যুঁজত নমা পৰিলক্ষিত হৈছে। বিশেষকৈ মৰিগাঁও সমষ্টিত চলচ্চিত্ৰ পৰিচালক তথা ৰাইজৰ দল-তিৱা জাতীয় পৰিষদৰ সমৰ্থিত এজেপিৰ প্ৰাৰ্থী বাণীকান্ত দাসে সমষ্টিটোৰ প্ৰতিটো পঞ্চায়ত এলেকাৰ চোকে কোণে মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি ইতিবাচক দৃষ্টি ভংগীৰে ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে। সমষ্টিটোত শৈক্ষিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ভাৱে উন্নয়ৰ কৰিবলৈ এজেপি প্ৰাৰ্থী বাণীকান্ত দাসৰ পত্নী তথা বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী মাইনী মহন্তই দিনে নিশাই এজেপি প্ৰাৰ্থী বাণীকান্ত দাসৰ হৈ সমষ্টিটোৰ চোকে কোণে নিৰ্বাচনী প্ৰচাৰ অভিযান ধাৰাবাহিক ভাৱে চলাই আছে। ইতিমধ্যে মৰিগাঁও সমষ্টিৰ ২২টাকৈ পঞ্চায়ত এলেকাত নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰি এজেপি প্ৰাৰ্থী বাণীকান্ত দাসৰ লগত সংগ দি বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী মাইনী মহন্তই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। সমষ্টিটোত বিশিষ্ট সাহিত্যিক তথা সাংবাদিক গৰাকীৰ ইতিবাচক দিশত সমষ্টিটোৰ উন্নয়নৰ উদ্দেশ্যে ৰাইজৰ আগত দিয়া ভাষণে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ পৰিলক্ষিত হৈছে। ইফালে, মৰিগাওঁ সমষ্টিৰ অন্তৰ্গত দীঘলবড়ী, বৰঙাবাৰী, মিকিৰগাওঁ, ৰঙাদৰীয়া, বাৰপূূজীয়া, কোৱৰগাওঁ জৰাবাৰী আৰু তৰাবড়ী আঞ্চলিক সমিতিকে ধৰি বহু কেইখন আঞ্চলিক সমিতিয়ে আয়োজন কৰা কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহন কৰাৰ লগতে বহু কেইটা নিৰ্বাচনী কাৰ্যালয়ো মুকলি কৰে। এই সভা সমূহত প্ৰতিফলিত হোৱা ৰাইজৰ ব্যাপক সহাঁৰিয়ে এজেপিৰ প্ৰাৰ্থী গৰাকীক স্বাভিমানী যুঁজখনৰ বাৱে আৰু অধিক শক্তিশালী কৰি তুলিছে। মৰিগাঁও সমষ্টিৰ ভোটাৰ ৰাইজে বোকা ছতিওৱা ৰাজনীতিত অতিষ্ঠ হৈছে। মূল্যবোধৰ ৰাজনীতিক বিশ্বাস কৰে সমষ্টিবাসীয়ে। গতিকে সমষ্টিটোৰ বিকাশ আৰু উন্নয়নৰ লক্ষ্যৰে ৰাইজে এইবাৰ এজেপি প্ৰাৰ্থী বাণীকান্ত দাসকে নিৰ্বাচিত কৰিব বুলি বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী মাইনী মহন্তই আশা প্ৰকাশ কৰে। আনহাতে, সমষ্টিটোত কেইবাখনো আঞ্চলিক সমিতিয়ে আয়োজন কৰা সভাত এজেপি প্ৰাৰ্থী বাণীকান্ত দাসে অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে- মৰিগাঁও সমষ্টিত এজেপি জয়ী হ’লে সমষ্টিটো কৃষি খণ্ডক গুৰুত্ব প্ৰদান কৰাৰ লগতে নিবনুৱা যুৱক- যুৱতীৰ সংস্থাপনৰ উপৰিও মহিলা সকলক ঘৰতে থাকি স্বাৱলম্বী কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিম। মৰিগাঁও চহৰৰ বাটপথ, বিশুদ্ধ খোৱা পানী যোগানকে ধৰি চহৰখনত হোৱা কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান কৰা পৰিকল্পনা এজেপিয়ে হাতত লৈছে। বিশেষকৈ থলুৱা জনগোষ্ঠীয় ভাষা, লোকসংস্কৃতিৰ সংৰক্ষণ, নাটশিল্প প্ৰশিক্ষণৰ বাবে সকলো সা-সুবিধা সম্পন্ন প্ৰেক্ষাগৃহ সহ অত্যাধুনিক সাংস্কৃতিক প্ৰকল্প স্থাপন কৰি সমষ্টিটো শৈক্ষিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ভাৱে আগুৱাই নিয়াৰ বাবে এজেপি প্ৰাৰ্থী বাণীকান্ত দাস সদায় সমষ্টিবাসীৰ ওচৰত দৃঢ় সংকল্পবদ্ধ হৈছে । উল্লেখ্য যে- বিধানসভা নিৰ্বাচনত বেলেগ ৰাজনৈতিক দলৰ দৰে মৰিগাঁও সমষ্টিত এজেপি দলে বোকা ছতিওৱা ৰাজনীতি কৰাৰ পৰা বিৰত থকি মূল্যবোধৰ ৰাজনীতিক অধিক গুৰুত্ব প্ৰদান কৰিছে। লগতে সমষ্টিটোৰ বিকাশ আৰু উন্নয়নৰ লক্ষ্যৰে চলোৱা প্ৰচাৰে এজেপি প্ৰাৰ্থী বাণীকান্ত দাসে এক বিশেষ নিৰ্বাচনী চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইপিনে,অতি কম সময়ৰ ভিতৰতে এজেপি দলে সমষ্টিটোৰ চোকে কোণে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here