বিহালীৰ গ্ৰীণ আচিয়ানা ধাবাত তিনিমহীয়া সাহিত্য আলোচনী “ৰ’দ” ৰ এপ্ৰিল সংখ্যা, ২০২১ উন্মোচন

    0
    44

    বিহালীৰ গ্ৰীণ আচিয়ানা ধাবাত তিনিমহীয়া সাহিত্য আলোচনী “ৰ’দ” ৰ এপ্ৰিল সংখ্যা, ২০২১ উন্মোচন

    দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথ , ২৫ এপ্ৰিলঃ গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত ৰ’দ গোষ্ঠীৰ আলোচনী তিনিমহীয়া সাহিত্য আলোচনী ” ৰ’দ ” এপ্ৰিল সংখ্যা ,২০২১ উন্মোচন কৰা হয় গ্ৰীণ আচিয়ানা ধাবাত দিনৰ ১১ বজাত ৷ আলোচনীখন উন্মোচন কৰে ড০ কিশোৰ হাজৰিকাদেৱে ৷ সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক বিমান ৰায় বৰুৱাদেৱে আৰু উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ ৰাম শইকীয়া,বিশিষ্ট লেখিকা স্নিগ্ধাজ্যোতি গোস্বামী ,বিশিষ্ট সাংবাদিক ভূবন লুইটেল,সাংবাদিক পলাশ প্ৰিয়ম,সাংবাদিকে তথা ৰ’দৰ প্ৰচাৰ সম্পাদক খগেন মটক, কবি ইমাম হুছেইন আৰু তিনিগৰাকী শুভাকাংক্ষী ৷ ৰ’দৰ সম্পাদক জয়ন্ত বৰুৱা ৰ’দৰ সম্পৰ্কে দুআষাৰ ক’বলৈ গৈ এটি বিশেষ ঘোষণাৰ কথা উল্লেখ কৰে ৷ “ৰ’দৰ সাহিত্য বঁটা “শীৰ্ষক এটি বঁটা ৭ গৰাকী ৰ’দৰ লেখক লেখিকালৈ আগবঢ়োৱা হয় ৷ “ৰ’দৰ সাহিত্য বঁটা “প্ৰাপক সকল হ’ল ক্ৰমে বিণা মঞ্জিন্দাৰ বৰুৱা(নতুন দিল্লী),নৱেশ্বৰ শইকীয়া (নামচাই) , ডাঃ অমল শইকীয়া(বিশ্বনাথ চাৰিআলি),ড০ মঞ্জু হালৈ(নলবাৰী) ,নিলাঞ্জনা শৰ্মা বৰুৱা(গুৱাহাটী),স্নিগ্ধাজ্যোতি গোস্বামী (বিশ্বনাথ চাৰিআলি) আৰু ঘনশ্যাম স্বৰ্গীয়াৰী(বাক্সা) ৷ বঁটা প্ৰাপক সকলক ৰ’দৰ পৰৱৰ্তী কবি সন্মিলনত বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি সম্পাদক জয়ন্ত বৰুৱাই ঘোষণা কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here