বিৰসিং জৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ত ব্লক লেবেল উপদেষ্টা আৰু তদাৰকী সমিতিৰ সভা

    0
    112

    বিৰসিং জৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ত ব্লক লেবেল উপদেষ্টা আৰু তদাৰকী সমিতিৰ সভা

    দুৰ্নীতিৰ দৰ্পণ সেৱা , ইমৰান হুছেইন সেখ , আলমগঞ্জ ,১০ ফেব্ৰুৱাৰী : ধুবুৰী জিলা পৰিষদ কাৰ্যায়ৰ অন্তৰ্গত বিৰসিং জৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ত কালি ব্লক স্তৰৰ উপদেষ্টা আৰু তদাৰকী কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । উল্লেখ্য যে , জিলাখনৰ ভিতৰত সৰ্ব প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সভাখনত বিত্তীয় বৰ্ষৰ বাবে বাৰ্ষিক কৰ্ম পৰিকল্পনাৰ বিভিন্ন আচনিৰ অনুমোদন দিয়ে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা কমিটিৰ সভাপতি অনিমেষ তালুকদাৰে । উল্লেখ্য যে , সভাখনত খণ্ড উন্নয়ন কাৰ্যালয়টোৰ অন্তৰ্গত ১৫খন গাও পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য আৰু সংশ্লিষ্ট পঞ্চায়ত সমূহৰ সচিব সকলে সভাখনত উপস্থিত থাকি আচনি দাখিল কৰে । ব্লক স্তৰৰ উপদেষ্টা আৰু তদাৰকী কমিটিৰ সচিব তথা বিৰসিং জৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বি ডি অ তমেজ উদ্দিনে সদৰী কৰা মতে ,পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ২০২০-২১বৰ্ষত বিভাগে এক কোটি ছাবিবশ লাখ আঠ হেজাৰ টকা মঞ্জুৰি দিয়ে । জিলাখনৰ ভিতৰত খণ্ড উন্নয়ন কাৰ্যালয়টোত প্ৰথমবাৰৰ বাবে পঞ্চদশ বিত্তীয় আয়োগৰ সভা অনুষ্ঠিত কৰাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনে বি ডি অ তমেজ উদ্দিনক প্ৰশংসা কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here