বৰপেটাৰ চেঙাত এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক বিপুল আদৰণিঃ মটৰ চাইকেল ৰেলীৰে উত্তৰ পাৰত তুলিলে নিৰ্বাচনী ঢৌ

    2
    67

    বৰপেটাৰ চেঙাত এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক বিপুল আদৰণিঃ মটৰ চাইকেল ৰেলীৰে উত্তৰ পাৰত তুলিলে নিৰ্বাচনী ঢৌ
    প্ৰতিবেদক , হাউলী , ১০ মাৰ্চঃ বৰপেটা জিলাৰ ৪৭ নং চেঙা সমষ্টিত আজি এআইইউডিএফে দলে এক বিশাল মটৰ চাইকেল ৰেলী উলিয়ায় ৷ গুৱাহাটীৰ পৰা দলীয় টিকট লৈ চেঙাত উপস্থিত হোৱা চেঙা সমষ্টিৰ এআইইউডিএফ’ৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক সমষ্টিবাসীৰ হৈ দলৰ নেতা কৰ্মী, সমৰ্থকসকলে ব্যাপকভাৱে আদৰনি জনোৱাৰ পিচতেই গৰৈমাৰীৰ পৰা এক বিশাল মটৰ চাইকেল ৰেলীৰে সমষ্টিটোৰ উত্তৰপাৰৰ বৃহৎ অংশ পৰিভ্ৰমণ কৰে ৷ চেঙা সমষ্টি এআইইউডিএফ কৰ্মী সমৰ্থকসকল বৰপেটাৰ মাজদিয়া গৰৈমাৰীত সমবেত হৈ প্ৰাৰ্খীজনক আদৰনি জনোৱাৰ পিচতে মাজদিয়া-গৰেমাৰীৰ পৰা হেজাৰোধিক মটৰ চাইকেল ৰেলীয়ে চেঙা সমষ্টিত নিৰ্বাচনী ঢৌ তুলি পৰিভ্ৰমণ কৰে সমষ্টিটোৰ বৃহৎ অঞ্চল ৷ ৰাইজৰ পৰা সম্বৰ্ধনা গ্ৰহন কৰি আশ্ৰাফুল হুছেইনে নেতা কৰ্মীসকলক উদ্যেশি চেঙা সমষ্টিৰ ৰাইজে বিধান সভাত কথা কব পৰা এজন যোগ্য বিধায়ক নিৰ্বাচিত কৰি পঠিয়াব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে, চেঙাত এইবাৰ মহাজোঁটৰ অংশীদাৰ দল কংগ্ৰেছৰ লগতে এআইইউডিএফে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হব ৷ চেঙাত এইপৰ্যন্ত কংগ্ৰেছে প্ৰাৰ্থী ঘোষনা কৰা নাই যদিও বিধায়ক শুকুৰ আলীয়েই প্ৰাৰ্থীত্ব পোৱাতো নিশ্চিত ৷ কংগ্ৰেছৰ চাৰিবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ বিৰুদ্ধে সমষ্টিটোত কিছু পৰিমানে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিততেই মহাজোঁটৰ অংশীদাৰ হৈয়ো কংগ্ৰেছ আৰু এআইইউডিএফে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত নামিবলৈ বাধ্য হৈছে আৰু এআইইউডিএফে আশ্ৰাফুল হুছেইনক চেঙাত প্ৰাৰ্থী ঘোষনা কৰাৰ পিচত আজি দলীয় টিকট লৈ চেঙাত উপস্থিত হয় প্ৰাৰ্থীগৰাকী ৷ ইপিনে এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ বিশাল মটৰ চাইকেল ৰেলীটোৱে নিস্তেজ হৈ থকা চেঙা সমষ্টিত আজি নিৰ্বাচনী পৰিবেশৰ সৃষ্টি কৰে ৷ ইপিনে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ ২০ বছৰীয়া কাৰ্যকালত গ্ৰহন কৰি অহা নিৰ্লিপ্ততা, সমষ্টিৰ উন্নয়নত ব্যৰ্থতা, বান খহনীয়া সমস্যাৰ লগতে চৰাঞ্চলৰ ভূমি পট্টাৰ সমস্যা আদি বিষয়বোৰ মুল ইচ্যু হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হব বুলি প্ৰকাশ কৰে এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে ৷ আনকি চৰাঞ্চলৰ নিজ গৃহৰ সমীপৰ চিকিৎসালয়তেই ডাক্তৰ নথকা, বিদ্যালয়ত শিক্ষক নথকা, বাট পথ আদিৰ সমস্যা সমুহৰ সমাধানৰ লগতে বিজেপিক ৰোধৰ বাবে চেঙাত এআইইউডিএফক জয়ী কৰাব বুলি দাবী কৰে আশ্ৰাফুল হুছেইনে ৷

    2 COMMENTS

    1. Incredible! This blog looks just like my old one!
      It’s on a totally different subject but it has pretty much the same page layout and design. Outstanding choice
      of colors!

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here