ভূপেন হাজৰিকাৰ দৰে হাৰিব অখিল গগৈ : ৰঞ্জিত দাস , দুয়োটা সমষ্টিতে হাৰিব লুৰিন জ্যোতি গগৈ

    0
    66

    ভূপেন হাজৰিকাৰ দৰে হাৰিব অখিল গগৈ : ৰঞ্জিত দাস , দুয়োটা সমষ্টিতে হাৰিব লুৰিন জ্যোতি গগৈ

    দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰাজীৱ চৌধুৰী , বজালী (উত্তৰ)ঃ ১ম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰিপেক্ষিততেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি পাঠশালাত সাংবাদিকৰ আগত কেইবাটাও মন্তব্য আগবঢ়ায় । ১ম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ ৪৬ টা সমষ্টিয়ে লাভ কৰিব বিজেপি-অগপ-ইউ পি পি এলৰ মিত্ৰজোটে । তদুপৰি অখিল গগৈ সন্দৰ্ভত মত পোষণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে , ভূপেন হাজৰিকাক যেনেদৰে ৰাইজে নেতা হিচাপে বিচৰা নাছিল , তেনেদৰে অখিল গগৈ আন্দোলন জীৱি মানুহ আৰু মানুহে যিহেতু আন্দোলন ভাল পাই , সেইবাবে অখিল গগৈক ৰাজনৈতিক নেতা হিচাপে নিবিচাৰে । আনহাতে , লুৰিন জ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা কৰা দুয়োটা সমষ্টিতে হাৰিব বুলি মন্তব্য কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here