মন্ত্ৰী অতুল বৰাৰ বিশাল ৰেলী , কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক অবৈধ বিবাহ আখ্যা দি ন কন্যা আজমলক উজনি অসম ফুৰাবলৈ আহ্বান

    1
    57

    মন্ত্ৰী অতুল বৰাৰ বিশাল ৰেলী , কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক অবৈধ বিবাহ আখ্যা দি ন কন্যা আজমলক উজনি অসম ফুৰাবলৈ আহ্বান

    দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১৮ মাৰ্চঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । পিছ পৰি ৰোৱা নাই বোকাখাট সমষ্টিও । অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । আজি সমষ্টিটোৰ কেইবাখনো পঞ্চায়তত বিশাল ৰেলী কৰি এক প্ৰকাৰ বিৰুদ্ধীৰ বুকু কম্পমান কৰি তুলিলে । সমষ্টিটোৰ বানাক্ৰান্ত অঞ্চলৰ গোলোং টেমেৰা পঞ্চায়তত উপৰ টেমেৰা,বহিখোৱা,দেবিথান,দুসুতিমুখ পঞ্চায়তৰ কাঞ্চা চাপৰি,মৰঙিয়াল, নামটেমেৰা ,উত্তৰ মহুৰা পঞ্চায়তৰ অফলা আৰু বংকোৱালত মাৰাঠান নিৰ্বাচনী প্ৰচাৰ চলায় । এই নিৰ্বাচনী সভা সমুহত মন্ত্ৰী গৰাকীক ঢোলে-ডগৰে উষ্ম আদৰণি জনায় । ষাঠি বছৰে কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম মিত্ৰজোঁটৰ চৰকাৰখনে পাছ বছৰতে কৰিবলৈ সক্ষম হোৱা বুলি নিৰ্বাচনী প্ৰচাৰ সভাত বক্তব্য ৰাখে । কেৱল উন্নয়নকে মূল সাৰথি কৰি বানাক্ৰান্ত অঞ্চলটোৰ ৰাষ্টা ঘাট পকী কৰনকে ধৰি কেইবাখনো দলং নিৰ্মাণ কৰি অঞ্চল বাসীৰ যাতায়তৰ ক্ষেত্ৰত এক আমুল পৰিবৰ্তন সাধন কৰিছে । কংগ্ৰেছ চৰকাৰ খনে এই অঞ্চল সমুহৰ ৰাইজক ষাঠি বছৰে কেৱল প্ৰতাৰনা কৰাৰ গুৰুতৰ অভিযোগ কৰে মন্ত্ৰী গৰাকীয়ে । কংগ্ৰেছ দলটোৱে কেৱল ক্ষমতাৰ লোভত পৰি আই এম ডি টি আইনৰ স্ৰষ্টা এআই ইউ ডিএফ দলৰ লগত মিত্ৰতা কৰে । এই মিত্ৰতাক কংগ্ৰেছ আৰু এআইইউডিএফৰ অবৈধ বিবাহ হোৱা বুলিও তীৰ্যক মন্তব্য কৰে । ন-কন্যা বদৰুদ্দিন আজমলক উজনি অসম ফুৰাবৰ বাবেও কংগ্ৰেছ দলটিলৈ আহ্বান জনায় অতুল বৰাই । বিশাল ৰেলী তথা নিৰ্বাচনী সভা সমুহত অতুল বৰাক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক নিমন্ত্ৰিত সদস্য আকাশ ফুকন , এম এম কেৰ জিলা সভাপতি মনেশ্বৰ কুটুম,বিজেপিৰ জিলা উপ-সভানেত্ৰী নিজু লয়িং,জিলা সম্পাদিকা ৰাজশ্ৰী বৰা , ৰাজ্যিক কাৰ্যনিবাহক সদস্য যতীন বৰা আদি বহু কেইজন নেতাই । উল্লেখযোগ্য যে , সমষ্টিটোত প্ৰাক্তন বিধায়ক জিতেন গগৈ,কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী প্ৰনৱ দলে,এজেপিৰ ৰেব কান্ত গগৈকে ধৰি মুঠ দহজন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে সমষ্টিটোত নিৰ্বাচনী কুচকাৱাজ চলাই আহিছে । মন কৰিবলগীয়া যে , ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ প্ৰাৰ্থী ছাইমন তাঁতীয়ে অগপ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ অভিযানত নামিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । ইপিনে , ৰাইজৰ দল, আছু আৰু বিভিন্ন দল সংগঠনৰ বহু কেইগৰাকী নেতৃত্বস্থানীয় ব্যক্তিয়ে আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰাৰ কথা নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত উল্লেখ কৰে । ৯৩ নং বোকাখাট সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱা বিভিন্ন দলৰ প্ৰাৰ্থী সকলে নিজ নিজ প্ৰচাৰ অভিযান ব্যাপক ৰূপত চলাইছে যদিও মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ নামটো সৰ্বস্তৰতে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে ।

    1 COMMENT

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here