মাজুলীত আশা কৰ্মীৰ প্ৰতিবাদ

0
145
মাজুলীত আশা কৰ্মীৰ প্ৰতিবাদ
দুৰ্নীতিৰ দৰ্পণ সেৱা, কল্পজিৎ শইকীয়া , মাজুলী, ২০ জানুৱাৰীঃ মাজুলীত আশা কৰ্মী সকলে তেওঁলোকৰ বিভিন্ন দাবীৰ পূৰণৰ অৰ্থে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বানত তেওঁলোকৰ ছয় দফীয়া দাবীত জিলা খনৰ ৩০০ আশাকৰ্মীয়ে প্ৰতিকূল বতৰকো নেওচি মাজুলীৰ গড়মূৰত সমবেত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ বিৰোধী ধ্বনি দি উত্তাল প্ৰতিবাদ কৰে । প্ৰতিবাদী আশা কৰ্মী সকলে তেওঁলোকৰ উত্থাপিত দাবী সমূহ চৰকাৰে মানি নল’লে ২০২১ ৰ বিধান সভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে । উল্লেখযোগ্য যে , এন এইচ এমৰ কৰ্মচাৰীৰ দৰে আশা কৰ্মী সকলক নিযুক্তি পত্ৰ প্ৰদান কৰা , আশা কৰ্মী সকলক উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰা , অসম চৰকাৰে ২০১৩ চনৰ পৰা ২০১৭ চন লৈকে দিবলগা বকেয়া ধন অতি শীঘ্ৰে মুকলি কৰি দিয়া, ২০১২-১৩ বৰ্ষত প্ৰতি গৰাকী আশা কৰ্মীৰ এলেকাত অনাময় সমিতিৰ নামত প্ৰদান কৰা ১০,০০০ টকা সম্পূৰ্ণকৈ প্ৰদান কৰা, প্ৰতিগৰাকী আশা কৰ্মীৰ নামত অটল অমৃত আৰু আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদান কৰা আৰু ৬০ বছৰ বয়সৰ উৰ্ধত কাম কৰি থকা আশা কৰ্মী সকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰাক লৈ আশা কৰ্মী সকলে দীৰ্ঘদিনৰ পৰা চৰকাৰক দাবী জনাই আহিছে । প্ৰতিবাদৰ শেষত আশা কৰ্মী সকলে তেওঁলোকৰ উক্ত ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ মাজুলী জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here