মানকাচৰত মহাজোঁটৰ প্ৰাৰ্থী চুড়ান্ত হ’ল আমিনুল ইছলাম

    0
    73

    মানকাচৰত মহাজোঁটৰ প্ৰাৰ্থী চুড়ান্ত হ’ল আমিনুল ইছলাম

    দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ৮ মাৰ্চ : অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে তীব্ৰ উৎকন্ঠা । শাসনাধিষ্ঠ বিজেপিৰ পৰা আৰম্ভ কৰি বিৰোধীৰ মাজত টিকিট প্ৰত্যাশীৰ মাজত আৰম্ভ হোৱা জোকাৰণিৰ অৱসান লাহে লাহে শ্যাম কটাৰ দিশত । কিয়নো প্ৰতিটো ৰাজনৈতিক দলেই লাহে লাহে ঘোষণা কৰিবলৈ লৈছে চুড়ান্ত প্ৰাৰ্থীৰ তালিকা । চুড়ান্ত তালিকা ঘোষণা হোৱাৰ পিছতেই ঠায়ে ঠায়ে আগ্নেয়গিৰিৰ দৰে টিকিট বঞ্চিত সকলৰ মাজত ক্ষােভৰ জুই । কোনোৱেই টিকিট নোপোৱাৰ বাবেই দল ত্যাগ কৰি আন দল লৈ ঢাপলি মেলি টিকিট লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰক শাসনৰ বাগজৰিৰ পৰা বাহিৰ কৰিবলৈ ৰাজ্যত এটাৰ পিছত আন এটা বিৰোধী দল লগ হৈ মহাগোঠবন্ধন কৰি ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে । কংগ্ৰেছ, ইউ ডি এফ , বিপি এফ আদি দলবোৰে বিজেপিৰ বিৰুদ্ধে মহাজোঠ গঠন কৰাৰ পিছত বিজেপি দলৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় । মহাজোঠৰ অংশীদাৰ দলৰ মাজত টিকিট বিতৰণক লৈ কেইবাদিনৰ পৰাই উৎকন্ঠা আৰম্ভ হয় । দিল্লীৰ পৰা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অসমত আহি বাহৰ পাতি দলীয় বাদ বিসম্বাদ নাইকীয়া কৰিবলৈ ভাগে ভাগে দলীয় কৰ্মীৰ মাজত আলোচনা কৰি মহাজোঠৰ অংশীদাৰ দলৰ মাজত পৃথকে পৃথকে আলোচনাত মিলিত হয় । আসন ভাগ বটৰাক লৈ দীৰ্ঘ সময় আলোচনা কৰি আসন ভাগ বটৰা সমাপ্ত কৰি দলীয় টিকিটৰ চুড়ান্ত ৰুপ দিয়ে । প্ৰথমৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চিটিং গেটিং বাহাল থাকিব বুলি দোহাৰিলেওঁ শেষ মুহূৰ্তত সেয়া সম্ভৱপৰ হৈ নুঠিল । কিয়নো মহাজোঠৰ প্ৰভাৱ থকা সমষ্টি এৰি দিবলৈ মান্তি নোহোৱাৰ বাবেই পিছ হুঁহকি দিবলৈ বাধ্য হয় কংগ্ৰেছ আৰু ইউ ডি এফে । বিশেষকৈ কেইবাটাও আসন লৈ কংগ্ৰেছ আৰু ইউ ডি এফৰ মতানৈক্য হোৱাৰ পিছতো বিজেপিক ক্ষমতাৰ পৰা আতৰ কৰিবলৈ দুয়োটা দলেই কিছু ত্যাগ কৰিবলৈ বাধ্য হয় । আজি ঘোষণা কৰা ইউ ডি এফৰ প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পিছতেই তাৰ ইংগিত স্পষ্ট কৈ দেখা গৈছে । কংগ্ৰেছে কেইটামান আসন এৰি দিব লগা হৈছে আৰু ইউ ডি এফেও নিজৰ আসন এৰি দিয়া পৰিলক্ষিত হৈছে । ইউ ডি এফে আজি ঘোষণা কৰা তালিকাত কংগ্ৰেছৰ দখলত থকা মানকাচৰ সমষ্টি ইউ ডি এফক এৰি দিব লগা হৈছে । যোৱা ২০১৬ চনত পোন প্ৰথমবাৰৰ বাবে মানকাচৰৰ পৰা অসম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ইউ ডি এফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে । যদিও প্ৰথম বাৰৰ বাবে মানকাচৰৰ পৰা আমিনুল ইছলামে অৱতীৰ্ণ হৈছিল দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল আমিনুল ইছলামে । ২০১৬ চনত মানকাচৰত আমিনুল ইছলামে লাভ কৰা ভোটৰ সংখ্যা আছিল ৪৯, ৮৬৮ টা ভোট । কংগ্ৰেছৰ প্ৰাৰ্থী ডাঃ মতিউৰ ৰহমান মণ্ডলে অতিৰিক্ত কৈ ৪৩১৩ টা ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল । পিছৰ সময়ত পঞ্চায়ত নিৰ্বাচনত মানকাচৰৰ পৰা এক প্ৰকাৰ দুলিৎস্যাৎ হৈছিল কংগ্ৰেছ দল । কিয়নো ৪ টা জিলা পৰিষদৰ এটাও দখল কৰিবলৈ সক্ষম নহল কংগ্ৰেছে । তেতিয়াৰ পৰাই নিজৰ ভেটি অধিক মজবুত কৰিবলৈ উঠিপৰি লাগে আমিনুল ইছলামে । লাহে লাহে মানকাচৰৰ প্ৰতিটো প্ৰান্তত নিজৰ ভেটি সুদৃঢ় কৰিবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে আমিনুল ইছলামে।আজি ঘোষণা কৰা ইউ ডি এফৰ মহাজোঁঠৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগেই মানকাচৰত ইউ ডি এফ কৰ্মীৰ মাজত এক আৱতৰীয়া উৎসৱ মূখৰ হৈ পৰে । ইউ ডি এফৰ সমৰ্থক সকলে দাবী কৰে যে এইবেলি মানকাচৰত আমিনুল ইছলামৰ জয় নিশ্চিত হল । আমিনুল ইছলামৰ প্ৰতিদ্বন্দী মানকাচৰত কোনোৱেই হব নোৱাৰে বুলি দাবী ইউ ডি এফৰ সমৰ্থক সকলৰ । ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটৰ সংখ্যা যদি হিচাপ কৰা যায় তেনেহলে দেখা যায় যে কংগ্ৰেছৰ ৫৪, ১৮১ ভোট আৰু ইউ ডি এফৰ ৪৯, ৮৬৮ টা ভোট । সকলো মিলি দুয়োটা দলৰ ভোটৰ সংখ্যা হয় গৈ ১ লাখ ৪ হাজাৰ ৪৯ টা ভোট । আনফালে , বিজেপি অগপৰ মিত্ৰজোঁঠৰ প্ৰাৰ্থী হিচাপে মানকাচৰত প্ৰাক্তন বিধায়ক জাবেদ ইছলামে টিকিট লাভ কৰিবলৈ সক্ষম হৈছে । শেষ মুহূৰ্তত কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া সময়ত হে দেখা যাব ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here