মানকাচৰৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মনোনয়ন পত্ৰ দাখিল

0
73

মানকাচৰৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মনোনয়ন পত্ৰ দাখিল
দুৰ্নীতিৰ দৰ্পণ সেৱা , হাটশিঙিমাৰী , ১৯ মাৰ্চঃ আজি বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে মানকাচৰ বিধানসভা সমষ্টিৰ মহাজোঁট বন্ধনৰ এ আই ইউ ডি এফৰ দলৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলামে আজি দিনৰ ১১ বজাত এজন লগতলৈ আহি দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি আনন্দিত হৈছে নেতা গৰাকী ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ আগত মন্তব্য কৰে যে,কংগ্ৰেছে পূৰ্ণ সমৰ্থন আগবঢ়াব,মোক বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলে আৰ্শীবাদ দিছে আৰু কংগ্ৰেছ কৰ্মীয়ে মোক সমৰ্থন আগবঢ়াব ৷ আৰু এটা কথা এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমিনুল ইছলামে স্পষ্টকৈ কয় ,মহাজোঁট বন্ধনৰ চৰকাৰ হলে আমি এ আই ইউ ডি এফৰ পৰা CM নহয় ৷ কংগ্ৰেছ হব বিগ ব্ৰাদাৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here