মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্বাচনৰ সন্দৰ্ভত সংবাদ মেল

    0
    75

    মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্বাচনৰ সন্দৰ্ভত সংবাদ মেল
    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৮ ফেব্ৰুৱাৰী: ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰীত পাঁচ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে জিলা প্ৰশাসন সমূহত যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনী কাম কাজত ব্যস্ত হৈ পৰিছে । মৰিগাঁও জিলাতো নিৰ্বাচনৰ প্ৰস্তুতি বৰ্তমান তুংগত উঠিছে । আজি নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে পুৱা এঘাৰ বজাত সংবাদ মেলৰ আয়োজন কৰি সাংবাদিক সকলক সম্বোধন কৰে । আজি সাংবাদিক সকলৰ আগত মৰিগাঁও জিলাত অহা ১ এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ সন্দৰ্ভত উপায়ুক্ত গৰাকীয়ে বিতং তথ্য দাঙি ধৰে । উল্লেখ্য যে , মৰিগাঁও জিলাৰ তিনিটা সমষ্টিৰ ৭৯-জাগীৰোড (অনুসূচিত জাতি) বিধানসভা সমষ্টিত ৩১৬ টা ভোট কেন্দ্ৰ, ৪১ টা অকজিলাৰি ভোট কেন্দ্ৰ, ৮০-মৰিগাঁও বিধানসভা,সমষ্টিত ২৫৬ টা ভোট কেন্দ্ৰ,অকজিলাৰি ভোট কেন্দ্ৰ ২৯ টা আৰু ৮১-লাহৰীঘাট বিধানসভা সমষ্টিত ২৪০ টা ভোট কেন্দ্ৰ, অকজিলাৰি ভোট কেন্দ্ৰ ২০ টা মুঠ ৯০২ টা ভোট কেন্দ্ৰ আছে । সেই মতে জাগীৰোড বিধানসভা সমষ্টিত মুঠ ২,৩৭,৪৫৭ গৰাকী ভোটাৰৰ ভিতৰত ১,২০,২১৯ গৰাকী পুৰুষ ভোটাৰ, ১,১৭,২২০ গৰাকী মহিলা ভোটাৰ আৰু ১৮ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে । মৰিগাঁও বিধান সভা সমষ্টিত মুঠ ১,৯১,০৪৮ গৰাকী ভোটাৰৰ ভিতৰত ৯৪,৭২৫ গৰাকী পুৰুষ ভোটাৰ, ৯৬,৩১৩ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিঙ্গৰ ১০ গৰাকী ভোটাৰ আছে আৰু লাহৰীঘাট বিধানসভা সমষ্টিত মুঠ ১,৮৫,৭৫৬ গৰাকী ভোটাৰৰ ভিতৰত ৯৬,৩৫৬ পুৰুষ ভোটাৰ, ৮৯,৩৮৬ মহিলা ভোটাৰ আৰু তৃতীয় লিঙ্গৰ ১৪ গৰাকী ভোটাৰক লৈ জিলা খনত সৰ্বমুঠ ৬,১৪,২৬১ গৰাকী ভোটাৰ আছে । আনহাতে , ডাক যোগে ভোট দানৰ সুবিধা দিয়াৰ বাবে চিনাক্ত কৰা বিশেষ ভাৱে সক্ষম ব্যক্তি, দৃষ্টি শক্তি নথকা আৰু আশীৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিকৰ তালিকাত জাগীৰোড বিধানসভা সমষ্টিত ১১১৩ গৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তি, ১০৮ গৰাকী দৃষ্টিহীন আৰু আশীৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক ১৪৭৭ গৰাকী আছে । মৰিগাঁও বিধান সভা সমষ্টিত ৮৩৫ গৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তি, ২৩৬ গৰাকী দৃষ্টি হীন আৰু ১০৫৪ গৰাকী আশীৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক আছে । তেনেদৰে লাহৰীঘাট বিধানসভা সমষ্টি ১০০৮ গৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তি,১৬৯ গৰাকী দৃষ্টি হীন ব্যক্তি আৰু ১৫৩৫ গৰাকী আশীৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক মুঠ ৭৫৩৫ গৰাকী ভোটাৰ আছে । এই বিতং তথ্য খিনি দাঙি ধৰি উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলক নিৰ্বাচনৰ সময়ত সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনায় আৰু কভিদ প্ৰটকল সমূহ মানি চলিবলৈ অনুৰোধ কৰে । আজিৰ সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here