মৰিয়ম কলেজৰ অসমীয়া বিভাগত প্ৰাচীৰ পত্ৰিকা উন্মোচন

    0
    63


    মৰিয়ম কলেজৰ অসমীয়া বিভাগত প্ৰাচীৰ পত্ৰিকা উন্মোচন
    ছাদিকুজ জামান , মোৰাঝাৰ , ১০ মাৰ্চ : মৰিয়ম আজমল কলেজৰ অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা “সৃষ্টি”ৰ পঞ্চম সংখ্যা ফাগুন বিশেষ কবিতাৰ সংখ্যা হিচাপে আজি উন্মোচন কৰে অধ্যাপক ড° ৰবীন্দ্ৰ কুমাৰ ৰথে। ভাষণ প্ৰদান কৰি তেখেতে বিভাগৰ এনে পদক্ষেপে অনাগত দিনত মহাবিদ্যালয়খনৰ বৌদ্ধিক উত্তৰণত সহায় কৰিব বুলি মত পোষণ কৰে ৷ প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে অৱসৰী কৰ্ণেল সমীৰ কাঞ্জীলাল , অধ্যক্ষ ড° প্ৰীতম জ্যোতি শৰ্মা, উপাধ্যক্ষা মুনছিফা ফিৰদৌজ খান বৰভূঞা , মূৰব্বী অধ্যাপক ৰাজীৱ হুছেইন, অধ্যাপক গৌৰী প্ৰসাদ শৰ্মা, প্ৰেৰনা তালুকদাৰ, চুলতান ফাৰুক হাচান, হেমন্ত নাথ, হেমন্ত কলিতা, চিন্ময় ডেকা, অদিতি ঘোষ, জুনুমণি আহমেদ, বশ্বিৰ আহমেদৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা সকল । বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী মিনু মমতাজে সম্পাদনা কৰা প্ৰাচীৰ পত্ৰিকাখনত বিভাগীয় ছাত্ৰীসকলে ফাগুণক বিষয় হিচাপে লৈ কবিতা ৰচনা কৰি এইবাৰৰ সংখ্যাটো যুগুত কৰে ৷ বিভাগীয় অধ্যাপক গৌৰী প্ৰসাদ শৰ্মাই আঁতধৰা অনুষ্ঠানত বিভাগীয় প্ৰধান ৰাজীৱ হুছেইনে শলাগৰ শৰাই আগৱঢ়াই সকলোকে বিশেষ ভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here