যদি সমষ্টিৰ উন্নয়ন কৰা নাই মোক ভোট নিদিব: সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ সিকদাৰ

0
129

২১ টাকৈ কামৰ শুভ উদ্বোধন কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ শুছেইন শিকদাৰে , যদি সমষ্টিৰ উন্নয়ন কৰা নাই মোক ভোট নিদিব: সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ সিকদাৰ

আব্দুল জলিল ,১৭ ফেব্ৰুৱাৰীঃ সমগ্ৰ অসমত অসম চৰকাৰৰ মন্ত্ৰী , বিধায়কে প্ৰত্যেক দিন অসমৰ বিভিন্ন সমষ্টিত আধাৰ শিলা স্থাপন কৰি থকাৰ সময়তে পিছ পৰি থকা নাই সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷বিভিন্ন ঠাইত আধাৰ শিলা স্থাপন কৰি বিধায়কে ৰাইজৰ আগত বক্তব্য প্ৰদান কৰি কয় বিধায়ক হিচাপে নিৰ্বাচিত হৈ যদি আপোনালোকৰ কাম কৰা নাই, সমষ্টিৰ উন্নয়ন কৰা নাই তেন্তে আগন্তুক নিৰ্বাচনত আপোনালোকে মোক ভোট দিব নালাগে ৷ আজি সমষ্টিটোৰ ৪৪ নং পশ্চিম পাকা গাওঁ পঞ্চায়তৰ জালকাৰাত নতুন কাঠৰ দলং নিৰ্মাণৰ আধাৰশিলা অনুষ্ঠিত কৰি এক ৰাজহুৱা সভাত এনেদৰে কয় সিকদাৰে। পশ্চিম পাকা মণ্ডল কংগ্ৰেছৰ সভাপতি দেলুৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সিকদাৰে তেওঁৰ কাৰ্যকালত কৰা কামৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক নিৰ্বাচনত জয়ী হলে কি কি পৰিকল্পনা আছে সেয়া প্ৰকাশ কৰে। উল্লেখ্য যে আজি বিধায়ক শিকদাৰে সৰুক্ষেত্ৰী সমষ্টিৰ ৩৮ নং উত্তৰ পূব বেতবাৰী, ৩৬ নং পূব বেতবাৰী, ৩৯ নং মধ্য বেতবাৰী আৰু ৪৪ নং পশ্চিম পাকা গাওঁ পঞ্চায়তৰ বিভিন্ন আঁচনিত মুঠ ২১ টা কাম আধাৰশিলা স্থাপন কৰে। শিকদাৰে আজি সমষ্টিখনৰ অন্তৰ্গত ক্ৰমে ৩৮ নং উত্তৰ পূব বেতবাৰী গাওঁ পঞ্চায়তৰ অটাৰ দাৰুল হুছনিয়া হাফিজিয়া মাদ্ৰাছাৰ পকী দেৱাল আঁচনিৰ আধাৰশিলা স্থাপন, লোক নিৰ্মাণ বিভাগ আঁচনিৰ জড়িয়তে পকীকৰণ হবলগীয়া অটা-ভৌকামাৰী পথৰ পৰা খৰমালৈ যোৱা পথৰ আধাৰশিলা স্থাপন, ৩৮ নং উত্তৰ পূব বেতবাৰী গাওঁ পঞ্চায়তৰ অটাৰ কালী মন্দিৰৰ ওচৰত থকা সভাগৃহৰ উন্নয়নৰ সৈতে পকী দেৱাল আঁচনিৰ আধাৰশিলা স্থাপন,পশ্চিম বামুণবড়ী মছজিদৰ ওচৰত পকী দেৱাল আঁচনিৰ আধাৰশিলা স্থাপন, পশ্চিম অটা মছজিদত বিধায়ক উন্নয়ন পুঁজিৰ ১.৫০ লাখ টকাৰে সম্পূৰ্ণ কৰা পানী যোগান আঁচনিৰ শুভ উদ্বোধন,ফুলৰগুৰীত ব্ৰহ্মাশ্ৰামৰ আশ্ৰমৰ ওচৰত ৰান্ধনী ঘৰ নিৰ্মাণৰ হবলগীয়া বিধায়ক উন্নয়ন পুঁজিৰ ১.৫০ লাখ টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন, ১৭৫৫ নং দক্ষিণ পূব অটা পাথৰঘাটী প্ৰাথমিক বিদ্যালয়ত বিধায়ক উন্নয়ন পুঁজিৰ ১.৫০ লাখ টকাৰে সম্পূৰ্ণ কৰা পকী দেৱাল নিৰ্মাণ আঁচনিৰ শুভ উদ্বোধন,৩৬ নং পূব বেতবাৰী গাওঁ পঞ্চায়তৰ মধ্য ভৌকামাৰীৰ ৱাক্তিয়া মছজিদত বিধায়ক উন্নয়ন পুঁজিৰ ১,২৫,০০০ টকাৰে নিৰ্মাণ হবলগীয়া পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন, মৰিছা এম ই স্কুলৰ ওচৰত মৰিছা মিলিজুলি ক্লাৱৰ কোঠালী নিৰ্মাণৰ বাবে আগবঢ়োৱা বিধায়ক উন্নয়ন পুঁজিৰ ১,৫০,০০০ টকাৰে নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, লোক নিৰ্মাণ বিভাগ আঁচনিৰ জড়িয়তে পকীকৰণ হবলগীয়া কয়াকুছি ভক্তৰডবা পথৰ পৰা মোহন বজাৰলৈ যোৱা পথৰ আধাৰশিলা স্থাপন, ৪৪ নং পশ্চিম পাকা গাওঁ পঞ্চায়তৰ কয়াকুছি গাৱঁৰ ৰহমানীয়া আঞ্চলিক কৱৰস্থানত বিধায়ক উন্নয়ন পুঁজিৰ ২ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া পকী দেৱাল আঁচনিৰ আধাৰশিলা স্থাপন, কয়াকুছি পাথাৰৰ আঞ্চলিক হাফিজীয়া মাদ্ৰাছাত বিধায়ক উন্নয়ন পুঁজিৰ ৩ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া শৌচাগাৰ আৰু প্ৰচাৱগাৰ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, কয়াকুছি পাথাৰত বিধায়ক উন্নয়ন পুঁজিৰ ১.৫০ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া ষ্টাৰ ক্লাবৰ অধ্যয়ন কক্ষ আৰু লাইব্ৰেৰী নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, কয়াকুছি পাথাৰত বিধায়ক উন্নয়ন পুঁজিৰ ১,২৫,০০০ হাজাৰ টকাৰে মেৰামতি কৰিবলগীয়া ১১২ নং অংগনৱাদী কেন্দ্ৰৰ আঁচনিৰ আধাৰশিলা স্থাপন, তেলেৰীয়াৰ মছজিদে কুবাত বিধায়ক উন্নয়ন পুঁজিৰ ১.২৫ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া দেৱাল নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, গুমিৰ পাথাৰ ১ নং মছজিদ বিধায়ক উন্নয়ন পুঁজিৰ ১ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া দেৱাল নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, গুমিৰ পাথাৰ ২ নং মছজিদ বিধায়ক উন্নয়ন পুঁজিৰ ১.৫০ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া দেৱাল নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, কপাহৰটাৰী আঞ্চলিক এম ই মাদ্ৰাছাত বিধায়ক উন্নয়ন পুঁজিৰ ১ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া শৌচাগাৰ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, কপাহৰটাৰী দীন নুৰাইন মছজিদত বিধায়ক উন্নয়ন পুঁজিৰ ১ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া শৌচাগাৰ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন, কপাহৰটাৰী নয়ান সাধু দৰগাহ শ্বৰীফৰ ওচৰত বিধায়ক উন্নয়ন পুঁজিৰ ১ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ আঁচনিৰ আৰু জালকাৰাত নতুন কাঠৰ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here