যমুনামুখত ৰাইজৰ দলৰ বিশাল কৰ্মী সভা

    0
    71

    যমুনামুখত ৰাইজৰ দলৰ বিশাল কৰ্মী সভা
    দুৰ্নীতিৰ দৰ্পণ সেৱা, হবিবুৰ ৰহমান, ২৮ ফেব্ৰুৱাৰীঃ দেওবাৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদিকা তথা যমুনামুখ সমষ্টিৰ ৰাইজৰ দলৰ ঠিকটৰ প্ৰত্যাশী দিলোৱাৰা বেগম চৌধুৰীৰ বাসগৃহত এখনি বিশাল কৰ্মী সভাৰ আয়োজন কৰা হয় ৷ সভাত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত হুকহুকাই কান্ধিবলৈ ধৰিলে ৰাইজৰ দলৰ নেত্ৰী দিলুৱাৰা চৌধুৰীয়ে৷ যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক মৰহুম আলহাজ খলিলুৰ ৰহমানৰ চৌধুৰীৰ ফটো বুকুত লৈ হুকহুকাই কান্দিলে দিলোৱাৰা চৌধুৰীয়ে । নেত্ৰী গৰাকীয়ে কান্ধি-কান্ধি কয় যে ১৯৯৬ চনৰ পৰা ২০০৫ চনলৈ দুবাৰকৈ বিধায়কৰ আসন অলংকৃত কৰা যমুনামুখ সমষ্টিৰ প্ৰয়াত বিধায়ক খলিলুৰ ৰহমান চৌধুৰীৰ যমুনামুখ সমষ্টিত বহুত অৱদান আছে ৷ স্কুল-কলেজ , মছজিদ-মন্দিৰ , ৰাস্তা-ঘাট চাকৰি আদি কৰি যমুনামুখ সমষ্টিত বহুতো অৱদান আছিল বুলি কৈ কান্ধিবলৈ লওঁতে আৱেগিক হৈ উপস্থিত সকলো ৰাইজে কান্ধোনত ভাগি পৰা পৰিলক্ষিত হয় ৷ প্ৰাক্তন বিধায়ক আলহাজ খলিলুৰ ৰহমানৰ চৌধুৰীৰ মৃত্যুৰ পিছৰে পৰা সমষ্টি খনত এ, আই, ইউ, ডি, এফ দলে একেৰাহে পোন্ধৰ বছৰৰ ধৰি প্ৰতিনিধিত্ব কৰি যমুনামুখ সমষ্টিৰ ৰাইজক সকলো দিশে লাঞ্চিত বঞ্চিত কৰি ৰাখিছে বুলিও মন্তব্য কৰে নেত্ৰী গৰাকীয়ে । ভাষণত উল্লেখ কৰা মতে আজমল পৰিয়ালৰ প্ৰতি সমষ্টিবাসী অতিষ্ঠ হৈ ৰাইজৰ প্ৰৱল দাবীত প্ৰাক্তন বিধায়ক আলহাজ খলিলুৰ ৰহমানৰ কনিষ্ঠ কন্যা দিলোৱাৰা চৌধুৰীক নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰিবলৈ আহ্বান জনায় । ৰাইজৰ প্ৰৱল দাবী আৰু আহ্বান মৰ্মে দিলুৱাৰা চৌধুৰীয়েও যোৱা কেইদিন মান পূৰ্বে ৰাইজৰ দলত যোগদান কৰি ৰাজ্যিক সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ দিলোৱাৰা চৌধুৰীৰ বাসগৃহত অনুষ্টিত হোৱা কৰ্মী সভাত তেওঁৰ পিতৃ আলহাজ খলিলুৰ ৰহমানৰ চৌধুৰীৰ ফটো বুকুত লৈ কান্ধি-কান্ধি ৰাইজক প্ৰতিশ্ৰুতি দি কয় যে , মই যদি বিধায়িকা হওঁ , তেন্তে মোৰ দেউতাকৰ আদৰ্শত মই কাম কৰি যাম ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here