লাহৰীঘাটত হাতে হাতে বিহৰ বটললৈ ইউ ডি এফ কৰ্মীৰ প্ৰতিবাদ , কংগ্ৰেছৰ প্ৰাৰ্থী মানি নলয় ইউ ডি এফৰ সমৰ্থকে , চিদ্দিক আহমেদক বিপুল আদৰণি
ওৱাছিম হুছেইন , লাহৰীঘাট , ৭ মাৰ্চ : ৮১ নং লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী এক প্ৰকাৰ নিশ্চিত হোৱাত ক্ষোভত ফাটি পৰিছে এ আই ইউ ডি এফৰ কৰ্মী সমৰ্থক । ইউ ডি এফৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত চিদ্দিক আহমেদ আজি সমষ্টিত প্ৰবেশ কৰাৰ লগে লগে দলীয় কৰ্মী সমৰ্থক সকল আবেগিক হৈ পৰে । সমষ্টিটোৰ অন্তৰ্গত গৰৈমাৰীত হাজাৰ হাজাৰ ইউ ডি এফ কৰ্মী সমবেত হৈ চিদ্দিক আহমেদক বিপুল আদৰণি জনায় । আনকি শ শ ইউ ডি এফ কৰ্মীয়ে হাতে হাতে বিহৰ বটল লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে । চিদ্দিক আহমেদক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে বিহ পান কৰি আত্মহত্যা কৰাৰ ভাবুকি দিয়ে ইউ ডি এফৰ কৰ্মী সমৰ্থক সকলে । আনহাতে , প্ৰয়োজনত চিদ্দিক আহমেদক নিৰ্দলীয় প্ৰাৰ্থী হিচাপেলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ হুংকাৰ দিয়ে । লাহৰীঘাটত ইউ ডি এফৰ একমাত্ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল চিদ্দিক আহমেদ। উল্লেখ্য যে , লাহৰীঘাট সমষ্টিত চিদ্দিক আহমেদ জননেতা হিচাবে পৰিচিত আছিল । সমষ্টিটোত বিগত ২৫ বছৰ ধৰি ডা: নজৰুল ইছলাম বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহিছে যদিও সম্প্ৰতি সমষ্টিটোত নজৰুলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। যাৰ ফলত ৰাজনীতিৰ ক খ নজনা নজৰুলৰ পুত্ৰ ডা: আছিফ নাজাৰক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো এক প্ৰকাৰ নিশ্চিত হোৱাত ইউ ডি এফৰ কৰ্মী সমৰ্থক সকল জাঙুৰ খাই উঠিছে । বদৰুদ্দিন আজমলে কোটি কোটি টকাৰ বিনিময়ত ডা: নজৰুলৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি ইউ ডি এফৰ কৰ্মী সকলে অভিযোগ কৰিছে । লাহৰীঘাটত আজমলৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি দলীয় কৰ্মী সকলে ভাবুকি দিয়ে । আনহাতে , ডা: আছিফ নাজাৰে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পোৱাৰ খবৰ ওলোৱাৰ লগে একাংশ কংগ্ৰেছ কৰ্মী সমৰ্থক ক্ষোভিত হৈ পৰে । নজৰুলৰ পুত্ৰক কোনোপধ্যে মানি নলয় বুলি একাংশ প্ৰবীন কংগ্ৰেছ কৰ্মীয়ে হুংকাৰ দিয়ে । চিদ্দিক আহমেদে যদি নিৰ্দলীয় হিচাপে নিৰ্বাচনত নামে , তেতিয়া নজৰুল পুত্ৰ সমষ্টিটোত নিৰ্বাচনী যুঁজত শলঠেকত পৰাৰ পুৰ্ণ সম্ভাৱনা আছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here