সাম্প্ৰতিক ক’ৰোণাৰ পৰিস্থিতিৰ বাবে মৰিগাঁৱৰ ঐতিহ্য মণ্ডিত সদৰ বিহু সন্মিলনৰ সমূহ কাৰ্যসূচী স্থগিত

    0
    39

    সাম্প্ৰতিক ক’ৰোণাৰ পৰিস্থিতিৰ বাবে মৰিগাঁৱৰ ঐতিহ্য মণ্ডিত সদৰ বিহু সন্মিলনৰ সমূহ কাৰ্যসূচী স্থগিত

    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ এপ্ৰিল : মৰিগাঁও জিলাৰ অতি প্ৰাচীন ঐতিহ্য মণ্ডিত ৫৯ সংখ্যক মৰিগাঁও সদৰ বিহু সন্মিলনৰ সমূহ কাৰ্যসূচী স্থগিত ৰখা হৈছে । অহা ২৩ আৰু ২৪ এপ্ৰিলত সদৰ বিহুতলিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হ’ব লগা মৰিগাঁও সদৰ বিহু সন্মিলনৰ এইবেলি ৰঙালী বিহু উৎসৱৰ কাৰ্যসূচী সাম্প্ৰতিক ক’ৰোণা মহামাৰীৰ পৰিস্থিতিৰ লগতে অসম চৰকাৰে ঘোষণা কৰা নিৰ্দেশনাৰ প্ৰতি সহাৰি জনাই উৎসৱৰ সমূহ কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰখা বুলি জানিব পৰা গৈছে । আজি বিয়লি মৰিগাঁও সদৰ বিহু সন্মিলনৰ বিহুতলিত থকা কাৰ্যালয়ত এই সম্পৰ্কত জৰুৰী ভাৱে অনুষ্ঠিত হোৱা সভাত উদযাপন সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি উদযাপন সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰা আৰু সম্পাদক মুকুল হাজৰিকাই জানিবলৈ দিয়াৰ লগতে পৰিৱেশ পৰিস্থিতি উন্নত হ’লে সভাই পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি অৱগত কৰিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here