সাম্প্ৰতিক গণতান্ত্ৰিক ব্যৱস্থা বনাম জনসাধাৰণ

    0
    59

    সাম্প্ৰতিক গণতান্ত্ৰিক ব্যৱস্থা বনাম জনসাধাৰণ
    কুশল হাজৰিকা
    বছাগাওঁ ,উত্তৰ লখিমপুৰ
    সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত বিধান মণ্ডলীৰ কাৰ্য্য পৰিচালনাৰ বাবে নিৰ্বাচন অপৰিহাৰ্য্য।ভাৰতীয় বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাত প্ৰায় আঢ়ৈ সহশ্ৰাধিক ৰাজনৈতিক দলৰ পয়োভৰে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাই সম্প্ৰতি আঁত হেৰুওৱা উপক্ৰম কৰিছে।বিশেষকৈ সামান্য মতবিৰোধ,ক্ষমতাৰ খঁক,ৰাজনৈতিক ক্ষমতা লাভৰ লালসা ইত্যাদি কাৰণত আমাৰ দেশত প্ৰতিনিয়ত লেকামবিহীন ভাবে ৰাজনৈতিক দল সৃষ্টিৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে। কেইবাখনো ৰাজ্যৰ চলিত বিধান সভা নিৰ্বাচনৰ সমান্তৰালকৈ আমাৰ ৰাজ্যতো নিৰ্বাচনী ধামখুমীয়া প্ৰায় তুংগত।সামগ্ৰিক ভাৱে দেশৰ লগতে ৰাজ্য খনৰ বিভিন্ন জাতি-জনগোষ্ঠীয় গাঁঠনিৰ পৰিপ্ৰেক্ষিতত নিজ-নিজ জনগোষ্ঠীৰ ভাষিক,ভৌগলিক,ধৰ্মীয় স্বকীয়তাৰ উত্তৰণ আৰু ৰক্ষাৰ যুঁজৰ বাবে যোৱা কেইবাটাও দশকত নিজ-নিজ ভাষিক,ধৰ্মীয়া ভোটাৰক আবেগিক বিচাৰধাৰাৰে প্ৰৰোচিত কৰি সুকীয়া-সুকীয়াকৈ একত্ৰিত কৰি বৃহৎ ভাৰতীয়/অসমীয়া জাতীয়,ৰাজনৈতিক,সাংষ্কৃতিক এনাজৰীক এক প্ৰকাৰে একাশৰীয়াত কৰাত উঠিপৰি লাগিছে;সমান্তৰাকৈ এই ক্ষুদ্ৰ-ক্ষুদ্ৰ দলবোৰে ৰাজনৈতিক প্ৰতিযোগিতাত থাউকিব নোৱাৰি ৰাষ্ট্ৰীয় দলবোৰৰ শৰণাপন্ন হৈ তথাকথিত নিজ-নিজ দল/আদৰ্শক বিক্ৰী কৰাত অভ্যষ্ট হৈছে ।সমান্তৰালকৈ সুযোগ সন্ধানী এই ৰাষ্ট্ৰীয় দলবোৰে সময়োচিত সিদ্ধান্তৰে ক্ষুদ্ৰ-ক্ষুদ্ৰ দলবোৰক গো-গ্ৰাসে গিলিব ধৰিছে।নিজ-নিজ স্বাৰ্থ সিদ্ধি কৰিবৰ নিমিত্তে ক্লাৱ খোলাৰ দৰে সম্প্ৰতি অঞ্চল বিশেষে ক্ষুদ্ৰ-ক্ষুদ্ৰ জনগোষ্ঠীয় অথবা প্ৰাদেশিকভাবে নিজৰ অস্তিত্ব জাহিৰ কৰাৰ লগতে মুনাফা লাভৰ বাবে মুষ্টিমেয় জাতীয় নেতা অথবা লোকসমষ্টিয়ে অসৎ অভিপ্ৰায়ে ক্ৰমশ ৰাজনৈতিক,সামাজিক,সাংস্কৃতিক আৰু বিশেষকৈ গণতান্ত্ৰিক সমাজ ব্যৱস্থাক বিশৃংখল কৰাৰ প্ৰয়াস কৰিব ধৰিছে।এনে অপসংস্কৃতিয়ে দেশৰ ভোটাৰ ৰাইজৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ আদৰ কমাত যে অৰিহণা যোগাইছে ই ৰূঢ় সত্য।সামগ্ৰিক ভাৱে ২০১৯ ৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আমাৰ দেশত ৮ টা ৰাষ্ট্ৰীয় ৫২ টা ৰাজ্যিক দলসহ ২৬৩৮ টা পঞ্জীয়ন ভূক্ত ৰাজনৈতিক দল আছে।যিবোৰৰ বেছিভাগেই ক্ষুদ্ৰ-ক্ষুদ্ৰ জাতি,ভবাবেগক প্ৰতিনিধিত্ব কৰি ৰাজনৈতিক স্বকীয়তা লাভৰ বাবেই গঠিত হৈছে।এইখিনিতে প্ৰশ্ন হ’ল সেই ৰাজনৈতিক দলবোৰে সংশ্লিষ্ট জাতি-জনগোষ্ঠীটোৰ প্ৰকৃত উন্নয়ণ সাধিছেনে?ভাৰতীয় সংবিধানৰ ৰিপ্ৰেজেনটেচন অফ দ্যা পিপুল এক্ট ১৯৫১( Part-iv-A,Representation of the People Act 1951)ৰ ৪ নং ক অংশ অনুসৰি দেশৰ জনসাধৰণক ৰাজনৈতিক দল খোলাৰ অনুমতি দিয়া হৈছে যদিওঁ এনেদৰে আত্ম প্ৰতিষ্ঠা আৰু মুনাফা লাভৰ বাবেই দল খোলা সংস্কৃতিয়ে অদূৰ ভবিষ্যতে গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি যে জনসাধাৰণৰ মোহভংগ নঘটিব তাক ডাঠি কোৱা টান।নিৰ্বাচন আয়োগে সঠিক বিশ্লেষণেৰে শীঘ্ৰে এই দল খোলা বেপেৰুৱা অভিসন্ধিক নাকী লগাব নোৱাৰিলে এসময়ত এই দলবোৰে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত যথেষ্ট প্ৰশাসনিক জটিলতাৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ দেশৰ জনসাধাৰণে NOTA ৰ যোগেদি নিজৰ অভিমত ব্যক্ত কৰিবলৈ সামগ্ৰিকভাবে বাধ্য হ’ব।সম্প্ৰতি আমাৰ ৰাজ্যখনৰ লগতে সামগ্ৰিক ভাবে দেশখনতে জনপ্ৰতিনিধি সকলে সঘনাই ৰাজনৈতিক দল সলাই প্ৰশাসনিক ব্যৱস্থাটোক বেমেজালি সৃষ্টি কৰি আহিছে।সম্প্ৰতি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত আসোঁৱাহপূৰ্ণ আইনৰ সুবাদত অনেক সহনীয়,আচহুৱা আৰু অগণতান্ত্ৰিক পৰম্পৰাই খোপনি পোতা দেখা গৈছে;যিবোৰৰ বিৰুদ্ধে সম্প্ৰতি আইন প্ৰণয়ণ কৰাতো অত্যন্ত জৰুৰী হৈ পৰিছে।এই ক্ষেত্ৰত দেশজুৰী জনপ্ৰতিনিধি সকলে সঘনাই দল সলাই প্ৰশাসন ব্যৱস্থাত চুড়ান্ত বেমেজালি সৃষ্টি কৰা পৰিবেশ জনতাৰ বাবে একেবাৰেই অসনীয় হৈ পৰিছে।এনে horse-trading দৰে কাৰ্য্য ৰোধৰ বাবে ১৯৮৫ চনত সংবিধানৰ ৫২ ত্বম সংশোধনীৰ জৰিয়তে এণ্টি ডিফেক্‌চন আইন বলবৎ কৰিছিল যদিও এই আইন বৰ্তমান আসাৰ প্ৰতিপন্ন হৈছে।একেদৰ একেজন জনপ্ৰতিনিধি এক নিৰ্দষ্ট নিৰ্বাচনী পৰিসীমাৰ ভিতৰত সাংসদ পদ এৰি বিধান সভা নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰি বিধায়ক হোৱা তদ্ৰূপ সেই বিধায়ক পদ এৰি পুনৰ সাংসদ নিৰ্বাচিত হোৱা ইত্যাদি ৰাজনৈতিক দৃশ্যপটে ভোটাৰক অশ্বস্তিত পেলাইছে।উদাহৰণস্বৰূপে অসমৰ দুই সাংসদ ক্ৰমে তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাসে প্ৰথমে বিধায়ক হৈ, পৰৱৰ্তী সময়ত সাংসদ আৰু সমাগত নিৰ্বাচনত পুনৰ বিধায়ক হিচাবে প্ৰতিদণ্ডিতা কৰা কাৰ্য্যই সম্প্ৰতি ভোটাৰ ৰাইজক বাৰুকৈয়ে বিবুদ্ধিত পেলাইছে।সমাগত নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত সাংসদ্বয়ৰ সঘনাই এটা পদ এৰি আনটো পদ এৰা-ধৰাৰ বেংজাপ সঁচাই লক্ষ্যণীয়।সমগ্ৰ দেশতে সংঘটিত এনে ৰাজনৈতিক ঘটনা ক্ষমতা দখল কৰা যুঁজৰ বৰ্হিপ্ৰকাশে মাথো।দেশৰ ২৬৩৮ টা দলৰ এক বুজন সংখ্যক সাংসদ,বিধায়কৰ এনে বেংজাপৰ ফলত এক শকত পৰিমাণৰ অৰ্থ ব্যয় কৰা পৰিলক্ষিত হৈছে;কাৰণ তেওঁলোকে দলীয় স্বাৰ্থ আৰু ব্যক্তিগত ক্ষমতা লাভৰ বাবে কৰা এনে কাৰ্য্যৰ ফলত নিৰ্বাচন আয়োগে একেজন জনপ্ৰতিনিধিৰ বাবে নামত দুই/তিনি বাৰকৈ উপনিৰ্বাচন অনুষ্ঠিত কৰি অবাবত অৰ্থ ব্যয় কৰাতো নিশ্চয় গণতানন্ত্ৰিক ব্যৱস্থাৰ এক অবাধ অধিকাৰৰ নহনে?আনহাতে বাৰেপতি অনুষ্ঠিত এনে উপনিৰ্বাচনবোৰে সংশ্লিষ্ট বিধায়ক,সাসংদ সমষ্টিৰ অন্তৰ্গত কেইবাখনো জিলাৰ শিক্ষা,বাণিজ্য,অৰ্থনীতিৰ লগতে অসাময়িক প্ৰশাসন ব্যৱস্থাত জটিলতাৰ সৃষ্টি কৰে। আনহাতে , সমসাময়িক নিৰ্বাচনী দৃশ্যপটতত নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত ৰাজনৈতিক দলবোৰে সকলো বিধি উলংঘা কৰি আহিছে।এই ক্ষেত্ৰত দলবোৰে ক্ষৰতকীয়া ডাঙৰ অঞ্চল সামৰি সাধাৰণ ভোটাৰক আকৰ্ষণ আৰু চমক সৃষ্টি কৰিবলৈ কোটি-কোটি টকা ব্যয় কৰি হেলিকপ্তাৰ ব্যৱহাৰ কৰাতো এক সাধাৰণ কথালৈ পৰিণত হৈছে।প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বান্ধি দিয়া খৰচতকৈ আয়োগৰ চকুত ধূলি মাৰি বিপুল পৰিমাণৰ অৰ্থ ব্যয় কৰা দেখা যায়।অৰ্থনৈতিক সমীক্ষক সকলৰ মতে সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ গণতান্ত্ৰিক নিৰ্বাচনবোৰ অবৈধ টকাৰে ক’লা হৈ পৰিছে।এনে আনাকংক্ষিত গতি-বিধিয়ে নিশ্চিত ভাবে সহজ-সৰল ভোটাৰ ৰাইজক প্ৰহসন কৰি পবিত্ৰ গণতন্ত্ৰক কবৰস্থ কৰা পৰিলক্ষিত হৈছে । আমাৰ গণতান্ত্ৰিক ব্যৱস্থাত এনে বহু অসৎ আৰু অগণতান্ত্ৰিক পৰম্পৰাৰ ফলশ্ৰুতিত সমগ্ৰদেশৰ প্ৰায় ১৩০কোটি জনসাধাৰণৰ ৯১কোটি ১৯লাখ ৫০হাজাৰ ৭৩৪ জন ভোটাৰেই সন্তুষ্টিৰে চলিত ব্যৱস্থাক লৈ যে আশ্বস্ত হ’ব পৰা নাই ই ৰূঢ় সত্য।সেয়ে গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰতে সন্নিবিষ্ট এনে অগণতান্ত্ৰিক আৰু অশুভ পৰম্পৰাৰ বিৰুদ্ধে সময় থাকোতেই ন্যায়পালিকাই কাৰ্য্যব্যৱস্থা গ্ৰহণ নকৰিলে এইবোৰে শীঘ্ৰেই ৰঘুমলাৰ ৰূপ যে নল’ব তাক নুই কৰিব নোৱাৰি;কিয়নো গণতান্ত্ৰিক ব্যৱস্থাসমূহ সুচাৰুৰূপে চলিবলৈ ন্যায় ব্যৱস্থাৰ ভাসমান ভেটি স্থিৰ আৰু সঠিক হৈ থকা অতি প্ৰয়োজন;তেতিয়াহে শীপ্ৰ আৰু সময়োচিত সিদ্ধান্তৰে গণতন্ত্ৰৰ আন স্তম্ভ সমূহৰ ভাৰসাম্য ৰক্ষা হ’ব।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here